পুৱেৰ্ট’ ৰিকোৰ মানৱ বৰ্জিত দ্বীপত ১০০ ৰো অধিক শৰণাৰ্থী আৱদ্ধ

0
320

পুৱেৰ্ট’ ৰিকোৰ মানৱ বৰ্জিত দ্বীপত ১০০ ৰো অধিক শৰণাৰ্থী আৱদ্ধ

মানৱ সৰবৰাহৰ এক অবৈধ অভিযানত প্ৰায় ১০০ ৰো অধিক শৰণাৰ্থীক আৱদ্ধ কৰি ৰখা হৈছে পুৱেৰ্ট’ ৰিকোৰ এটি মানৱ বৰ্জিত দ্বীপত।

উল্লেখযোগ্য যে সৰবৰাহকাৰীৰ দল এটাই, হাইটিৰ নাগৰিকত্ব থকা এই শৰনাৰ্থী সকলক নাও,  ডোঙাত কঢ়িয়াই পুৱেৰ্ট’ ৰিকোৰ এই দ্বীপটোত নিশ্চিত মৃত্যুৰ দিশলৈ ঠেলি পঠিয়াছিল।

পুয়েৰ্টো ৰিকো বিভাগৰ সচিব এনাইছ ৰড্ৰিগেজে জনোৱা অনুসৰি দলটোত আছে প্ৰায় ৬০ গৰাকী মহিলা, ইয়াৰে ৩ গৰাকী গৰ্ভৱতী, ৩৮ গৰাকী পুৰুষ আৰু ৫ৰ পৰা ১৩ বছৰ বয়সৰ পাঁচটা শিশু আবদ্ধ হৈ আছে।

মানৱ বৰ্জিত এই ম’না দ্বীপটো ডমেনিকান ৰিপাব্লিক আৰু পুৱেৰ্ট’ ৰিকোৰ মাজত অৱস্থিত, দীৰ্ঘ দিনৰ পৰাই মানৱ সৰবৰাহকাৰীৰ বাবে স্বৰ্গভূমি ৰূপে পৰিগণিত হৈ আহিছিল এই দ্বীপটো।

এই দ্বীপৰ পৰাই হাইটি আৰু ডমেনিকান ৰিপাব্লিকৰ নাগৰিক সকলক অবৈধ ভাৱে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ প্ৰব্ৰজন কৰোৱাৰ প্ৰতিশ্ৰুতিৰে লৈ যোৱা হয় বিপদ সংকুল নৌকাযাত্ৰাত।

উল্লেখযোগ্য যে, দৰিদ্ৰতা আৰু হিংসাত্মক পৰিস্থিতিৰ হাৰ বৃদ্ধি পোৱাৰ কাৰণত যোৱা কেইমাহমানৰ ভিতৰত নিজৰ দেশ এৰি পলায়ন কৰাৰ প্ৰয়াস কৰাত কেইবা জনো লোকৰো মৃত্যু হৈছে।

এতিয়া, ম’না দ্বীপত শতাধিক শৰনাৰ্থী মৃত্যুৰ অপেক্ষাত। হাইটি আৰু ডমেনিকান ৰিপাব্লিক চৰকাৰে উদ্ধাৰ নকৰালৈকে জীৱাই থকাৰ কোনো আশাৰ বাট দেখা নাই এইসকল লোকে।