16 C
Guwahati
Friday, December 3, 2021
More

    আফগানিস্তানত ১০০-ৰো অধিক আই এছ আই এছ-কে সন্ত্ৰাসবাদীৰ আত্মসমৰ্পন

    আফগানিস্তানত প্ৰায় ১০০ জনতকৈ অধিক ইছলামিক ষ্টেট-খোৰাছানৰ সন্ত্ৰাসবাদীয়ে তালিবানৰ ওচৰত আত্মসমৰ্পন কৰে।

    মঙলবাৰে পূব আফগানিস্তানৰ নাংগাৰহৰ প্ৰদেশত ইছলামিক ষ্টেট খোৰাছানৰ সন্ত্ৰাসবাদীয়ে তালিবানৰ ওচৰত আত্মসমৰ্পন কৰে।

    চলিত বৰ্ষৰ ১৫ আগষ্টত তালিবানে কাবুল দখল কৰাৰ পাছতে ইছলামিক ষ্টেট খোৰাছানে তালিবানক লক্ষ্য কৰি বহু বোমা বিস্ফোৰণ সংঘটিত কৰিছিল।

    আই এছ আই এছ-কেৰ বোমা বিস্ফোৰণত বহু স্থানীয় লোকৰো মৃত্যু হৈছিল।

    ২০১৫ চনত আফগানিস্তানত আই এছ আই এছ- খোৰাছান গোটে প্ৰতিষ্ঠা লাভ কৰাৰ পাছতে পূব আফগানিস্তানত  সন্ত্ৰাসবাদী সংগঠনটোৱে ক্ৰমাগতভাৱে নিজৰ শক্তি বৃদ্ধি কৰি আহিছিল।

    আফগানিস্তানত আমেৰিকা যুক্তৰাষ্ট্ৰৰ সৈন্য থকাৰ সময়তো আই এছ আই এছ-খোৰাছানে বহুকেইটা বোমা বিস্ফোৰণ সংঘটিত কৰিছিল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং