
এক প্লেট বিৰিয়ানি আৰু এটা দীঘল লাইন। এতিয়া সকলোৰে ফেচবুক, টুইটাৰৰ একাউণ্টে একাউণ্টে ভাইৰেল হৈছে এই বিশেষ ভিডিঅ’টো।
এক প্লেট বিৰিয়ানি ক্ৰয় কৰিবলৈ এতিয়া এনেদৰে দীঘল লাইন অতিক্ৰম কৰিব লাগিব আপুনিও। অৱশ্যে এই ঘটনা সংঘটিত হৈছে বাংগালুৰুত।
কৰ’ণা ভাইৰাছৰ বাবে দেশজুৰি বিভিন্ন প্ৰান্তত দোকান পোহাৰসমূহ বন্ধ কৰি ৰখা হৈছিল। ফলস্বৰূপে লোকসকলে বাহিৰৰ খাদ্য গ্ৰহণ কৰা নাছিল।
শেহতীয়া বাংগালুৰুৰ নগৰৰ ২৫ কিমি নিলগত থকা এখন জনপ্ৰিয় দোকানখোলাৰ কথা প্ৰকাশ পোৱাৰ লগে লগে বাংগালুৰুবাসীয়ে বিৰিয়ানি ক্ৰয় কৰিবলৈ যাবলৈ হেতা ওপৰা লগায়। ফলত দোকানখনৰ পৰা প্ৰায় ডেৰ কিলোমিটাৰ নিলগৰ পৰা বিৰিয়ানি ক্ৰয় কৰিবলৈ গ্ৰাহকে দীঘল লাইন ধৰে।
চাওক এই ভিডিঅ’
দোকানখনৰ কৰ্মচাৰীয়ে জনোৱামতে পূৰ্বৰ তুলনাত এদিনতেই ২০ শতাংশ অধিক হাৰত বৃদ্ধি হৈছে। সম্প্ৰতি দোকানখনত গ্ৰাহকে বিৰিয়ানি ক্ৰয় কৰিবলৈ প্ৰায় ডেৰ ঘণ্টা সময় লাইনত ৰখিব লাগিব।