19 C
Guwahati
Wednesday, December 1, 2021
More

    ১৬ আগষ্টৰ পৰা ক’ভিড বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ

    ১৬ আগষ্টৰ পৰা ক’ভিড বিধিত আৰু কিছু শিথিলতাৰ ইংগিত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰ – ক’ভিডৰ তৃতীয়টো ঢৌক প্ৰত্যাহ্বান জনাবৰ বাবে অসমৰ স্বাস্থ্য বিভাগ সম্পূৰ্ণৰূপে সাজু হৈ আছে বুলি কলিয়াবৰত মন্তব্য প্ৰদান কৰিছে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই।

    অসমৰ প্ৰতিখন মেডিকেল কলেজত শিশুসকলৰ বাবে পেডিএট্ৰিক আই চি উ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। ইয়াৰ উপৰি আটাইকেইখন জিলা হাস্পতালতে পেডিএট্ৰিক আই চি উ নিৰ্মাণ কাৰ্য চলি আছে বুলি স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জনায়।

    তেওঁ কয়, ‘পেডিএট্ৰিক আই চি উৰ টেকনিচিয়ান সকলক ইতিমধ্যে প্ৰশিক্ষণ দিয়া হৈছে। প্ৰতিখন হাস্পতালতে শিশুৰ বাবে অতিৰিক্ত বিচনা সংৰক্ষণ কৰা হৈছে’।

    শিশুসকলক এই পৰ্যন্ত ভেকচিন প্ৰদান কৰাৰ নিৰ্দেশনা অহা নাই যদিও ১২ ৰ পৰা ১৮ বছৰৰ ভিতৰৰ শিশুক ভেকচিন প্ৰদান কৰাৰ বাবে চিন্তা-চৰ্চা কৰি থকা হৈছে বুলিও কয় মহন্তই।

    ইফালে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে স্বাধীনতা দিৱস অৰ্থাত ১৫ আগষ্টৰ পিছৰ পৰা ক’ভিড বিধিত কিছু শিথিলতা অনাৰ ইংগিত দিয়ে।

    এই সন্দৰ্ভত তেওঁ কয়, ‘১৬ আগষ্টৰ পাছত সম্পূৰ্ণ কাৰ্ফিউ বা আংশিক লকডাউনত সম্পূৰ্ণ শিথিলতা আনিব নোৱাৰিলেও পূৰ্বতকৈ যথেষ্ট পৰিমাণে নিষেধাজ্ঞা হ্ৰাস পাব’।

    আৰু পঢ়ক : পুনৰ এনকাউন্টাৰ, আৰক্ষীৰ গুলীত কুখ্যাত ড্ৰাগছ পেডলাৰ খাইৰুল ইছলাম নিহত

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং