29 C
Guwahati
Thursday, October 21, 2021
More

    পুনৰ মৰেল পুলিচিঙৰ ঘটনা, চোৰক শাস্তি দিয়াৰ নামত আইন হাতত তুলি ল’লে একাংশ লোকে

    ৰাজ্যত পুনৰ সংঘটিত হৈছে মৰেল পুলিচিঙৰ ঘটনা।

    জুৰীয়াত চোৰক শাস্তি দিয়াৰ নামত স্থানীয় একাংশ লোকে আইন হাতত তুলি লোৱাৰ ঘটনা সংঘটিত হৈছে।

    জানিব পৰা মতে, আছৰৱ আলী নামৰ এজন লোকক চুৰিৰ অভিযোগত আটক কৰি স্থানীয় লোকে ৰাজহুৱাভাৱে মাৰ-ধৰ কৰে।

    স্থানীয় একাংশ লোকে আৰক্ষী প্ৰশাসনৰ নিয়মক উলংঘা কৰি হজৰত আলী নামৰ লোকজনক উপৰ্যুপৰি প্ৰহাৰ কৰাতে ক্ষান্ত নাথাকি হাতে-ভৰি ৰচীৰে বান্ধি মুৰৰ চুলি খুৰাই দিয়ে।

    অভিযুক্ত চোৰক শাস্তি দিয়াৰ নামত এনেধৰণে বৰ্বৰ আক্ৰমণ সংঘটিত কৰা ঘটনাই জুৰীয়াত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    কিছু সংখ্যক লোকে অভিযুক্ত চোৰজনৰ লগতে মৰেল পুলিচিঙৰ সৈতে জড়িত লোক সকলকো গ্ৰেপ্তাৰৰ দাবী তুলিছে।

    ফটো আৰু ইনপুট- ৰানা আহমেদ

    আৰু পঢ়ক : অকথ্য নিৰ্যাতন কৰি অসমৰ ১৭ গৰাকী শ্ৰমিকক অৰুণাচলত আৱদ্ধ কৰি ৰখাৰ অভিযোগ…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং