30 C
Guwahati
Friday, August 5, 2022
More

    কেৱল পুৰুষ বা সমলিংগৰ লোকৰ মাজতেই মাংকি প’ক্স বিয়পে নেকি! কি কয় বৈজ্ঞানিকে

    কেৱল পুৰুষ বা সমলিংগৰ লোকৰ মাজতেই মাংকি প’ক্স বিয়পে নেকি! কি কয় বৈজ্ঞানিকে

    মাংকিপ’ক্স লাহে লাহে সমগ্ৰ বিশ্বতে বিয়পিলৈ আৰম্ভ কৰিছে। ভাৰততো এই ভাইৰাছৰ দ্বাৰা সংক্ৰমিত লোকৰ সংখ্যা বৃদ্ধি পাই হৈ আছে। ১৪ জুলাইত দেশত প্ৰথমটো মাংকি প’ক্সৰ ঘটনা ধৰা পৰাৰ পাছত বৰ্তমানলৈ মুঠ ৯গৰাকী মাংকিপ’স্ক আক্ৰান্ত লোক ধৰা পৰিছে।

    ইয়াৰে কেৱল এগৰাকী ৰাজধানী দিল্লীৰ তাৰ বাদে অন্য় কেউগৰাকীয়েই কেৰালাৰ । পাছে তাৰেই মাজত মানুহৰ মুখে মুখে বিয়পিব ধৰিছে মাংকি প’ক্স সন্দৰ্ভত কিছুমান ভিন্ন ভিন্ন লক্ষণৰ কথা।

    সেই কথা বিয়পাৰো এটা মুখ্য কাৰণ নথকা নহয়। সদ্যহতে বিশ্ব স্বাস্থ্য সংস্থাই দাঙি ধৰা তথ্য অনুসৰি বিশ্বত বৰ্তমানলৈ যি বোৰ লোকৰ দেহত এই মাংকি প’ক্সৰ ভাইৰাছৰ উপস্থিত ধৰা পৰিছে তাৰ সৰহ সংখ্যকেই পুৰুষ।

    মুঠ আক্ৰান্তৰ ৯৮ শতাংশ লোক কেৱল পুৰুষ। মহিলা আক্ৰান্তৰ সংখ্যা তেনেই নগন্য। ভাৰতবৰ্ষতো আক্ৰান্ত ধৰা পৰা ৯ গৰাকীৰ ভিতৰত কেৱল দিল্লীৰ আক্ৰান্ত গৰাকীহে মহিলা।

    তাৰোপৰি বিশ্বৰ মুঠ ৯৮ শতাংশ আক্ৰান্ত পুৰুষৰ ভিতৰত অধিকাংশই হয়তো সমলিংগৰ লোক নাইবা বাই ছেক্সুৱেল, নাইবা পুৰুষৰ সৈতে শাৰিৰীক সম্পৰ্ক ৰখা পুৰুষ বুলি চিনাক্ত কৰিছে বৈজ্ঞানিকৰ দলে।

    যাৰ বাবেই এতিয়া সাধাৰণ লোকৰ মাজত বিয়পি পৰিছে যে, এই ভাইৰাছে কেৱল পুৰুষক হে আক্ৰমন কৰে। কিন্তু তেনে নহয়। পুৰুষৰ সমানেই মহিলাৰো এই ৰোগ হব পাৰে।

    কিদৰে বিয়পে এই ভাইৰাছ-
    কোনো সংক্ৰমিক লোকৰ সম্পৰ্কলৈ আহিলে এই ৰোগ হব পাৰে। শাৰিৰীক সম্পৰ্ক, অথবা কোনো ঘাঁৰ জৰিয়েত এই ৰোগ বিয়পি পৰিব পাৰে।
    সংক্ৰমিক লোকৰ কাপোৰ, টাৱেল আদি ব্যৱহাৰৰ ফলতো এই ৰোগ হব পাৰে।

    ইয়াৰ লক্ষণ কি-
    জ্বৰ
    ছালত ফোহাৰ দৰে হোৱা, মুখমণ্ডলৰ পৰা আৰম্ভ হৈ হাত, ভৰি, সৰ্বশৰীৰ
    মূৰৰ বিষ, মাংসপেশীৰ বিষ
    কাহ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং