মহাদেৱৰ ভক্তিত লীন হ’ল বান্দৰ ! মহাদেৱৰ কোলাতে মূৰ থৈ ললে বিশ্ৰাম , ভিডিঅ ভাইৰেল

0
485

মহাদেৱৰ ভক্তিত লীন হ’ল বান্দৰ ! মহাদেৱৰ কোলাতে মূৰ থৈ ললে বিশ্ৰাম , ভিডিঅ ভাইৰেল

বহুসময়ত সামাজিক মাধ্যমত বিভিন্ন জীৱ জন্তুৰ ভিডিঅ ভাইৰেল হোৱা দেখিবলৈ পোৱা যায়। তেনে এটা ভিডিঅ’শেহতীয়াকৈ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। যদি আপুনি ভগৱান ভোলানাথৰ ভক্ত হয় তেন্তে আপুনি এই ভিডিঅ’টো বহুত ভাল পাব। যেনেদৰে আপুনি মহাদেৱৰ ভক্তিত নিমজ্জিত হৈ থাকে।

একেদৰে,মহাদেৱৰ ভক্তিত এইবাৰ এটা জন্তুও লীন হৈ থকা দেখিবলৈ পোৱা গৈছে। এই ভিডিঅ’টোত ভগৱান ভোলে নাথৰ এটা লিংগৰ ওচৰত এটা বান্দৰ বহি থকা দেখা গৈছে। বান্দৰটোক ঈশ্বৰৰ সন্মুখত নমস্কাৰ কৰা দেখা গৈছে।

ভিডিঅ’টোত দেখিব পোৱা গৈছে যে বহু সময় লৈকে বান্দৰটোক শিৱ লিংগৰ সন্মুখত ভোলেনাথৰ ভক্তিত লীন হৈ থকা দেখা গৈছে। এই ভিডিঅ’টোলৈ চাই এনে লাগিছে যে সকলোৰে ঈশ্বৰৰ প্ৰতি আসক্তি আছে, সেয়া জন্তুৱেই হওঁক বা মানুহেই হওঁক।

বান্দৰটোয়ে মাজে মাজে শিৱলিংগৰ ওচৰতে শুই দিয়ে। এনেকুৱা লাগিছে যেন তেওঁ ভোলেনাথৰ কোলাত মূৰ থৈ শুই আছে। এই ভিডিঅ’টো এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছে।