25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    হোৱাটছ আপৰ এটা ভুল! আপোনাৰো একাউন্টৰ ধন সৰকাব পাৰে অপৰাধীয়ে

    হোৱাটছ আপৰ একাউন্ট ব্যৱহাৰ কৰোতে, সাৱধান। আপোনাৰ সাধাৰণ এটা ভুলৰ বাবে সৰলুকী হ’ব পাৰে সাঁচতীয়া ধন। চাইবাৰ অপৰাধীয়ে যিকোনো মুহুৰ্ততে নাইকিয়া কৰিব পাৰে আপোনাৰ সাচঁতীয়া ধন। সেইবাবে এনে অপৰাধীৰ পৰা সাৱধানে থাকিবলৈ আহ্বান জনাইছে সৰ্বভাৰতীয় বৃত্তীয় অনুষ্ঠান এছ.বি.আইয়ে।

    এছ.বি.আই তৰফৰ পৰা জনোৱা হৈছে যে, বহু গ্ৰাহকৰ হোৱাটছআপৰ জৰিয়তে ধন সৰলুকি কৰাৰ পৰিকল্পনাৰে বহু একাউন্ট লক্ষ্য কৰি লৈছে চাইবাৰ অপৰাধীয়ে।

    কি দৰে সেই কাৰ্য কৰিব তাক ভালদৰে গ্ৰাহকক বুজাই দিছে এছ.বি.আইয়ে। প্ৰথম পৰ্যায়ত এনে অপৰাধীয়ে আপোনাক হোৱাটছ আপত ফোন কৰিব নাইবা মেছেজ কৰিব।

    হঠাতে আপোনালৈ মেছেজ আহিব পাৰে .যে আপুনি কোনোবা লটাৰী জিকিছে, এছ বি আইৰ এই নম্বৰত যোগাযোগ কৰক।লগতে তাত আপোনাৰ একাউন্ট সম্পৰ্কত কোনো তথ্য জানিব বিচাৰিব।

    সেইবাবে এছ বি আয়ে স্পষ্ট কৰি দিছে যে, এছ বি আয়ৰ স্কিমত লাকী কাষ্টমাৰৰ গিফট দিয়াৰ কোনো স্কিম নাই। গতিকে, বেংকৰ নাম কৈ কোনোৱে ফোন কৰিলে তেনে অপৰাধীৰ পৰা সাৱধানে থাকিবলৈ আহ্বান জনাইছে।

    Photo Credit: Daily Express

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং