মহানগৰীৰ নাৰেংগীস্থিত পতঞ্জলি আৰোগ্য কেন্দ্ৰ নামৰ এখন প্ৰতিষ্ঠানৰ কৰ্মচাৰী চন্দন ৰাজবংশীক দুৰ্বৃত্তৰ লুটপাত। ২০ হাজাৰ টকা UCO বেংকত জমা দিবলৈ যোৱাৰ পথতে দুই দুৰ্বৃত্তই কৌশলেৰে কৰ্মচাৰীজনৰপৰা ২০ হাজাৰ টকা কাঢ়ি লৈ যায়।
আনহাতে ঘটনা সন্দৰ্ভত ভুক্তভোগী লোকজনে বেংক কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতে বেংক কৰ্তৃপক্ষই CCTVৰ ফুটেজৰ ভিত্তিত তদন্ত আৰম্ভ কৰে।