GMCH ৰ বিচনাত জীৱন-মৃত্যুৰে যুজিছে মইনা নায়কে! এৰাই গৈছে মূৰৰ কিছু অংশ

0
10732

GMCH ৰ বিচনাত জীৱন-মৃত্যুৰে যুজিছে মইনা নায়কে! এৰাই গৈছে মূৰৰ কিছু অংশ

লেপেটতটা চাহ বাগিচাত অঘটন। বাগিচা কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে ডিব্ৰুগড় লেপেটকটা চাহ বাগিচাৰ এগৰাকী মহিলা শ্ৰমিক গুৰুত্বভাৱে আহত হৈ মৃত্যুৰে সৈতে যুজিব লগা হৈছে gmch ত।

মংগলবাৰে বাগিচা খনৰ ফেক্টৰী কাম কৰি থকা অৱস্থাতে ২৪ বছৰীয়া মইনা নায়ক CTC মেচিনত সোমাই মূৰৰ এটা অংশ সম্পূৰ্ণ নষ্ট হৈ যায়।

কিন্তু চাহ বাগিচাৰ আইন মতে কোনো মহিলা শ্ৰমিকে ফেক্টৰিৰ ভিতৰত অথবা CTC মেচিনৰ ওচৰত কাম কৰিব নোৱাৰে অথবা মহিলাক তেনে কামক নিযুজিত কৰিব নোৱাৰে।

এনে আইন থকাৰ পিছতো বাগিচা কৰ্তৃপক্ষই কেনেকৈ ফেক্টৰিৰ ভিতৰত এগৰাকী মহিলা শ্ৰমিকক কাম কৰিব পাৰিলে তাক লৈ এতিয়া প্ৰশ্ন উঠিছে।

ঘটনাটো সংঘটিত হোৱাৰ পিছত তেওঁক AMCH লৈ নিয়া হৈছিল যদিও আঘাট ইমানেই গুৰুত্বৰ আছিল যে তেওঁলোকে কোনো চিকিৎসা নকৰাকৈ GMCH লৈ প্ৰেৰণ কৰে।

আৰু GMCH ত এতিয়া জীৱন-মৃত্যুৰে যুজি আছে। মূৰ,চকু, নাকত গুৰুত্বৰ আঘাত পাইছে মইনা নায়কে। মইনা নায়কক GMCH ত ভৰ্তি কৰোৱাৰ পিছত সকলো GMCH কৰ্তৃপক্ষই সকলো খৰচ নিজাকৈ বহণ কৰাৰ কথা ইতিমধ্যে জানিবলৈ দিছে।

কিন্তু প্ৰথম অৱস্থাত যি দৰে ব্যৱস্থা ল’ব লাগিছিল সেইদৰে গুৰুত্ব প্ৰদান কৰা হোৱা নাছিলে বুলিও একাংশই অভিযোগ কৰিছে।বৰ্তমান সময়তো মইনা নায়ক সংকট মুক্ত নহয় বুলি জানিব পৰা গৈছে।