প্ৰতিটো আঘাতে অধিক শক্তিশালী কৰি তোলে- হাস্পতালৰ পৰা মহম্মদ ছামীৰ ভিডিঅ’ ভাইৰেল

0
432

প্ৰতিটো আঘাতে অধিক শক্তিশালী কৰি তোলে- হাস্পতালৰ পৰা মহম্মদ ছামীৰ ভিডিঅ’ ভাইৰেল। কান্ধৰ আঘাতৰ চিকিৎসা কৰাৰ পিছত ভাৰতীয় ক্ৰিকেট দলৰ অন্যতম খেলুৱৈ মহম্মদ শ্বামী আৱেগিক হৈ পৰে।

এক ভিডিঅ’ৰ সৈতে লিখিছে – প্ৰতিটো আঘাতৰ পিছত শক্তিশালী প্ৰত্যাৱৰ্তন। ভাৰত আৰু বাংলাদেশৰ মাজত অনুষ্ঠিত এদিনীয়া শৃংখলাৰ ঠিক পূৰ্বে মহম্মদ ছামী আঘাতৰ বাবে সমগ্ৰ শৃংখলাৰ পৰা বাহিৰ হৈ গৈছে।

ছামীৰ আঘাত ভাৰতৰ বাবে এক ডাঙৰ ক্ষতি, কিয়নো এতিয়া ভাৰতীয় দলত কোনো জ্যেষ্ঠ দ্ৰুত বলাৰ নাই। ছামীৰ সোঁ কান্ধত আঘাত লাগিছে।

আঘাতপ্ৰাপ্ত হোৱাৰ পিছত শ্বামীৰ কান্ধৰ চিকিৎসা চলি আছে সোনকালেই ফিট হ’ব বুলি আশা কৰা হৈছে। ইফালে, তেওঁ তেওঁৰ কান্ধৰ চিকিৎসাধীন এখন ফটো শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে, তেওঁ এক আৱেগিক শিৰোনামো লিখিছে।

চিকিৎসাধীন অৱস্থাত শ্বামীয়ে এখন ফটো শ্বেয়াৰ কৰিছে, য’ত সোঁ কান্ধত এটা বেজী লৈ থকা দেখা গৈছে। বৰ্তমানে আঘাতৰ বাবে বাংলাদেশৰ বিৰুদ্ধে থকা শৃংখলাৰ পৰা আঁতৰত আছে।

চিকিৎসাধীন অৱস্থাত ছামীয়ে তেওঁৰ ইনষ্টাগ্ৰাম আৰু টুইটাৰ একাউণ্টত ফটো শ্বেয়াৰ কৰিছে। ইয়াৰ লগতে, তেওঁ লিখিছে যে সেই আঘাত তেওঁৰ কেৰিয়াৰৰ এটা অংশ আছিল, কিন্তু প্ৰতিবাৰেই তেওঁ আঘাতৰ পৰা আৰোগ্য হৈছে আৰু শক্তিশালী হৈ উভতি আহিছে।