23.2 C
Guwahati
Wednesday, May 19, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    আজি সন্ধিয়া মোদীয়ে সম্বোধন কৰিব ‘পৰীক্ষা পে চৰ্চা’! প্ৰায় ১৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে কৰিব অংশগ্ৰহণ

    আজি ৭ এপ্ৰলি সন্ধিয়া প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ”পৰীক্ষা পে চৰ্চা” নামৰ অনুষ্ঠানত গ্ৰহণ কৰিব। ভিডিঅ’ কনফাৰেঞ্চৰ জৰিয়তে হ’বলগীয়া এই অনুষ্ঠানত প্ৰায় ১৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব।

    মোদীয়ে এই বিষয়ে টুইট কৰি জনাই। তেওঁ কয় যে ”আমাৰ পৰীক্ষাৰ যোদ্ধা সকল, অভিভাৱক আৰু শিক্ষকৰ সৈতে বিভিন্ন বিষয়ৰ ওপৰত চৰ্চা। ৭ এপ্ৰিল সন্ধিয়া ৭ বজাত চাব পৰীক্ষা পে চৰ্চা”।

    এই অনুষ্ঠানৰ বাবে ৰেজিষ্টেচন প্ৰক্ৰিয়া ২০২১ চনৰ ১৪ মাৰ্চলৈকে সমাপ্ত হৈছিল। শিক্ষা মন্ত্ৰালয়ৰ মতে এই বৰ্ষৰ ১৭ ফেব্ৰুৱাৰীৰ পৰা ১৪ মাৰ্চলৈ বিভিন্ন বিষয়ৰ ওপৰত নৱম আু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী,শিক্ষক আৰু অভিভাৱকৰ বাবে অনলাইন ৰচনাত্মক লিখাৰ প্ৰতিযোগীতা অনুষ্ঠিত কৰা হৈছিল। প্ৰায় ১৪ লাখ ছাত্ৰ-ছাত্ৰীয়ে পৰীক্ষা পে চৰ্চাত ভাগ লয়।

    উল্লেখ্য যে, বিজেতা সকলে প্ৰধানমন্ত্ৰীক প্ৰত্যক্ষ ভাৱে প্ৰশ্ন কৰিব পাৰিব।

    আৰু পঢ়ক : ৰঙিয়াত দ’ খাৱৈত পৰিল নিৰাপত্তাৰক্ষী ভৰ্তি বাছ! ৪০ গৰাকী জোৱান কঢ়িয়াই আনিছিল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং