28 C
Guwahati
Wednesday, October 13, 2021
More

    ”২১ শতিকাৰ ভাৰতে লাভ কৰিব নতুন গতিশক্তি” মোদীয়ে শুভাৰাম্ভণী কৰিলে গতি শক্তি যোজনাৰ

    ”২১ শতিকাৰ ভাৰতে লাভ কৰিব নতুন গতিশক্তি” মোদীয়ে শুভাৰাম্ভণী কৰিলে গতি শক্তি যোজনাৰ

    প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বুধবাৰে পিএম-গতি শক্তি যোজনাৰ শুভাৰম্ভণি কৰে। মোদীয়ে কয় যে এই যোজনাৰ ফলত বিভিন্ন মন্ত্ৰনালয় আৰু বিভাগৰ মাজত সমন্বয় আৰু সহযোগ স্থাপন হ’ব।

    ইয়াৰ ফলত এয়াই লাভালাভ হ’ব যে বিভিন্ন আঁচনি সমূহ অতি কম সময়ৰ ভিতৰতে সম্পূৰ্ণ হৈ উঠিব। লগতে আঁচনি সমূহৰ মঞ্জুৰীৰ পৰা নিৰ্মাণলৈ সহজ হৈ পৰিব।

    পিএম গতি শক্তি যোজনা ৰেল আৰু ৰাস্তা সহিতে ১৬ মন্ত্ৰালয়ক লগ কৰা এক ডিজিটেল মঞ্চ।মোদীয়ে কয় যে এই নেছনেল মষ্টাৰপ্লেনে ২১ শতিকাৰ ভাৰতক গতিশক্তি দিব।

    মোদীয়ে কয় যে আত্মনিৰ্ভৰ ভাৰতৰ সংকল্পৰ সৈতে আগন্তুক ২৫ বছৰৰ বাবে আমি নতুন বুনিয়াদী গঢ়িছো।পিএম গতি শক্তি নেছনেল মাষ্টাৰ প্লেনে ভাৰতৰ আত্মবল, আত্মবিশ্বাস আৰু আত্মনিৰ্ভৰক সংকল্প লৈ লৈ যাব।এই যোজনাই ২১ শতিকাৰ ভাৰতক নতুন গতি শক্তি দিব।

    লগতে কয় যে আজি দুৰ্গাষ্টোমী। সমগ্ৰ দেশতে শক্তিৰূপী দেৱীৰ আৰধনা কৰা হৈছে। তেনে সময়ত দেশৰ প্ৰগতিৰ গতিক শক্তি দিয়া এক শুভকাৰ্য।

    এই মাষ্টাৰ প্লেন সন্দৰ্ভত এগৰাকী অধিকাৰীয়ে কয় যে ১৬ মন্ত্ৰালয় আৰু বিভাগ সমূহে সকলো পৰিযোজনাক জি আই এছ মোডত দিছে যি ২০২৪-২৫ ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব।

    আৰু পঢ়ক : ৰাজকন্যাৰ গাড়ীৰ খুন্দাত দুয়োখন ভৰি হেৰুওৱা যোছেফৰ কৃত্ৰিম ভৰি লগোৱাৰ দায়িত্ব ল’লে ৰাজ্য চৰকাৰে

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং