28 C
Guwahati
Thursday, September 16, 2021
More

    ২০ দিন ধৰি উদযাপন কৰা হ’ব মোদীৰ জন্মদিন, ৪২ লাখ বন্তি,১০ লাখ প’ষ্ট কাৰ্ড আৰু বহুতো…

    ২০ দিন ধৰি উদযাপন কৰা হ’ব মোদীৰ জন্মদিন, ৪২ লাখ বন্তি,১০ লাখ প’ষ্ট কাৰ্ড আৰু বহুতো…

    দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিন সেৱা আৰু সমৰ্পন অভিযান নামেৰে ২০ দিন ধৰি উদযাপন কৰা হ’ব। ১৭ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব জন্মদিনৰ কাৰ্যসূচী আৰু সমাপ্ত হ’ব ৭ অক্টোবৰত।

    ৭১ তম জন্মদিনত ৩৯ খন সাংগঠনিক জিলাত বিজেপি কৰ্মকৰ্তাই সেৱাই সংগঠণ কাৰ্যসুচী পালন কৰিব। এই কথা সংবাদমেল পাতি ঘোষণা কৰিলে ৰাজ্যিক বিজেপিয়ে।

    ১৫ হাজাৰ বুঠৰ নামঘৰ আৰু মন্দিৰত শৰাই আগবঢ়াব। দীৰ্ঘায়ু জীৱন কামনা কৰি অসমৰ পৰা ১০ লাখ প’ষ্ট কাৰ্ড প্ৰেৰণ কৰিব প্ৰধানমন্ত্ৰীলৈ।

    জন্মদিনটোত ৫ হাজাৰ যুৱকে ৰক্তদান কৰিব। দিব্যাংগক প্ৰয়োজনীয় সাহাৰ্য সামগ্ৰী দিব। গাৱেঁ গাঁৱে গৈ মহিলাক আইৰন টেবলেট প্ৰদান কৰিব।৪২ লাখ কাৰ্যকৰ্তাই ঘৰে ঘৰে সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব।

    ইয়াৰোপৰি আৰু এই ২০ দিনত পৃথকে পৃথকে কাৰ্যসূচী গ্ৰহণ কৰিছে বিজেপিয়ে।

    আৰু পঢ়ক : সামগ্ৰী ক্ৰয় কৰিবলৈ যাওঁতেই ভূটানৰ পৰা অহা তীব্ৰ বেগী ট্ৰাকে মহতিয়াই নিলে জানটুক,মৃত্যু

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং