27 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পুৰণি কাপোৰ বিক্ৰী কৰি কোটি কোটি টকা উপাৰ্জন এগৰাকী মডেলৰ, পুৰণি ছেন্দেল পৰ্যন্ত বিক্ৰী

    কিমান জনপ্ৰিয় হব লাগিব যে, এগৰাকী ব্যক্তিৰ পুৰণি কাপোৰ, জোতা-ছেন্দেল আদি ক্ৰয় কৰিবলৈ উবুৰি খাই পৰে অনুৰাগী। এনে এগৰাকী মডেল, যাৰ জনপ্ৰিয়তাৰ বাবে অনুৰাগীয়ে মডেল গৰাকীয়ে ব্যৱহাৰ কৰা সমাগ্ৰী ক্ৰয় কৰিবলৈ বিচাৰি থাকে।

    মডেল গৰাকীয়ে নিজে ব্যৱহাৰ কৰা পুৰণি কাপোৰ বিক্ৰী কৰি কোটি কোটি টকা লাভ কৰে। আনকি পুৰণি অন্তৰ্বাস এটাও ১৮ হাজাৰ টকাত ক্ৰয় কৰিছে অনুৰাগীয়ে। সেই মডেল গৰাকী হৈছে নিউয়ৰ্ক নিবাসী ৪১ বৰ্ষীয় মাৰ্শ্বেলা।

    অনুৰাগীয়ে আনকি মাৰ্শ্বেলাই ঘৰত ব্যৱহাৰ কৰা পুৰণি ছেন্দেলো ক্ৰয় কৰিছে। ইনষ্টাগ্ৰামত খুৱেই জনপ্ৰিয় এইগৰাকী মডেলে জনোৱা অনুসৰি, অনুৰাগীয়ে নিজেই অনুৰোধ কৰে মাৰ্শ্বেলাই ব্যৱহা কৰা পুৰণি সামগ্ৰী ক্ৰয় কৰি সেই সমূহ নিজ নিজ ঘৰত সজাই ৰাখিবৰ বাবে।

    সেয়ে অনুৰাগীৰ ইচ্ছা পুৰণ কৰিয়ে মাৰ্শ্বেলাই নিজৰ ব্যৱহাৰ কৰা সামগ্ৰী বিক্ৰী কৰিবলৈ আৰম্ভ কৰিছিল। কোনো অনুষ্ঠান, কোনো ফটো শ্বুট আদিত পিন্ধা সাজৰ ফটো দিলেই সেই কাপোৰ, বেগ , ছেন্দেল আদি বিক্ৰী কৰাৰ বাবে অনুৰাগীয়ে অনুৰোধ কৰে বুলি সদৰি কৰে মাশ্বেলাই।

    বিগত বৰ্ষত নিজৰ ব্যৱহৃত পুৰণি সামগ্ৰী বিক্ৰী কৰি ২ লাখ আমেৰিকান ডলাৰ লাভ কৰে বুলি জনাই মাশ্বেলাই। উল্লেখ্য যে, মাৰ্শ্বেলাৰ ইনষ্টাগ্ৰামত ৩লাখ ৮০ হাজাৰ অনুৰাগী আছে।

    আৰু পঢ়ক : বক্সাৰ লাভলিনাক উৎসাহিত কৰিবলৈ শাসক-বিৰোধীয়ে একেলগে চলালে চাইকেল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং