কামৰূপ জিলাত মুকলি হ’ল দুৰ্ঘটনা সম্পৰ্কীয় বিশ্লেষণাত্মক মোবাইল এপ

0
211

জিলাসমূহত দ্ৰুত হাৰত বৃদ্ধি হোৱা পথ দুৰ্ঘটনাসমুহলৈ লক্ষ্য ৰাখি কামৰূপ জিলা পথ সুৰক্ষা সমিতিয়ে মুকলি কৰিছে এটা মোবাইল এপ।

কালি কামৰূপ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ পৰিকল্পনাত চেভ ৰোডচ্ নামৰ মোবাইল এপ মুকলি কৰা হৈছে।

ৰাজ্যৰ ভিতৰতে প্ৰথম কামৰূপ জিলাত পোনপ্ৰথম বাবে এই পথ দুৰ্ঘটনা সম্পৰ্কীয়  বিশ্লেষণাত্মক  মোবাইল এপ মুকলি কৰা হৈছ।

শীঘ্ৰে এই এপ সমগ্ৰ দেশত মুকলিৰ পোষকতা কৰিছে পৰিবহণৰ অতিৰিক্ত আয়ুক্তই।

উল্লেখ্য যে, পোন্ধৰ দিনত ভিতৰতে এপত উপলব্ধ হ’ব কামৰূপ জিলাত চলিত বৰ্ষত সংঘটিত দুৰ্ঘটনাৰ সবিশেষ তথ্য ।

Photo and input:@nitopammedhi