পুনৰ মৰেল পুলিচিঙে প্ৰাণ কাঢ়িলে নিৰীহ যুৱকৰ; ক’ত এই অঘটন ?

পৰৱৰ্তী পৰ্যায়ত দোষীৰ উচিত শাস্তিৰ দাবীত ৰাজপথলৈ উলাই আহে শ শ উত্তেজিত জনতা ৷ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপথত। উত্তেজিত ৰাইজক শান্ত কৰিবলৈ জিলাখনৰ উচ্চপদস্থ প্ৰশাসনিক বিষয়া ঘটনাস্থলীত আহি উপস্থিত হয়

0
387
Photo credit: Time8
Photo credit: Time8

ৰাজ্যত পুনৰ মৰেল পুলিচিঙৰ ঘটনা৷ এইবাৰ ঘটনাৰ স্থান তিনিচুকীয়া জিলাৰ ডুমডুমা ফিল’বাৰী৷ উত্তেজিত জনতাই দেওবাৰে নিশা কৰিলে পথ অৱৰোধ। জানিব পৰা মতে জিলাখনৰ ডুমডুমাৰ ফিল’বাৰীত মৰেল পুলিচৰ অত্যাচাৰত মৃত্যু হৈছে সুৰজ কিষান নামৰ এজন নিৰীহ যুৱকৰ। প্ৰাপ্ত খবৰ অনুসৰি যুৱকজনক গৰু চোৰৰ অভিযোগত অতি নিৰ্মমভাৱে ওৰে নিশা গুৰুলা গুৰুলকৈ প্ৰহাৰ কৰে মৰেল পুলিচৰূপী কেইজন মান যুৱকে। ফলত চিকিৎসালয়ত অকাল মৃত্যুক সাৱতি ল’ব লগা হয় সুৰজ কিষান নামৰ যুৱকজনে ৷

পৰৱৰ্তী পৰ্যায়ত দোষীৰ উচিত শাস্তিৰ দাবীত ৰাজপথলৈ উলাই আহে শ শ উত্তেজিত জনতা ৷ পথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৰাজপথত। উত্তেজিত ৰাইজক শান্ত কৰিবলৈ জিলাখনৰ উচ্চপদস্থ প্ৰশাসনিক বিষয়া ঘটনাস্থলীত আহি উপস্থিত হয় ৷

তাৎপৰ্যপূৰ্ণ বিষয়টো হ’ল যে যিমানেই বিশ্ববাসী, দেশবাসীৰ লগতে ৰাজ্যবাসী শিক্ষা দীক্ষাৰ পথত, প্ৰযুক্তিবিদ্যৰ দিশে আগবাঢ়িছে তাৰ সমান্তৰালকৈ কু সংস্কাৰ অন্ধবিশ্বাস নাইবা এইদৰে মৰেল পুলিচিঙৰ দৰে বৰ্বৰ ঘটনাও সঘনাই সংঘটিত হ’বলৈ ধৰিছে ৷ আগন্তুক সময়ত এনে ধৰণৰ ঘটনা ৰোধ কৰাত ৰাজ্যৰ প্ৰশাসন কিমান দূৰ সফল হয় নাইবা দেশৰ জনগন কিমান দূৰ সজাগ হয় সেইয়া এক চিন্তিত বিষয়৷