
আকৌ এবাৰ MLA হোৱাৰ দৰে ফিলিং হৈছে হেনো বিধায়িকা সুমন হৰিপ্ৰিয়া বাইদেউৰ। বিজেপি ৰাজ্যিক সভাপতি ৰণজিৎ কুমাৰ দাসে সকলো বিধায়কৰ ৰিপোৰ্ট কাৰ্ড ভাল বুলি কোৱাত উৎফুল্লিত হৈ পৰিছে বিধায়িকা সুমন হৰিপ্ৰিয়া।
সেয়ে ফূৰ্তিতে কৈছে, ‘আকৌ এবাৰ বিধায়িকা হোৱাৰ দৰে ফিলিং হৈছে তেখেতৰ, লগতে ইয়াকো কয় যে, ‘আমি ষ্টুডেণ্ট, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা শিক্ষক। শিক্ষকৰ বাবেহে আমাৰ ৰিপোৰ্ট কাৰ্ড ভাল হৈছে’
হাজোত কেদাৰ মন্দিৰ অভিলাসী পানী যোগান আঁচনিৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভণি কৰে বিধায়িকা সুমন হৰিপ্ৰিয়াৰই তাতেই এই মন্তব্য দিয়ে তেখেতে।
উল্লেখ্য যে, মুঠ ৮৮ লাখ টকা ব্যয় সাপেক্ষে শ্যামা প্ৰসাদ মুখাৰ্জী ৰুৰবান মিছনৰ অধীনত হ’ব এই অভিলাসী পানী যোগান আচঁনি। এই আচঁনিৰ জৰিয়তে হাজোৰ পঞ্চতীৰ্থৰ প্ৰতিখন তীৰ্থ স্থানত ভক্তই লাভ কৰিব বিশুদ্ধ খোৱা পানী।
কেদাৰ মন্দিৰকে ধৰি তীৰ্থ স্থান সমূহত বিশুদ্ধ খোৱা পানীৰ নাতনিৰ বাবে সমস্যাৰ সন্মুখীন হৈ আহিছিল মন্দিৰলৈ অহা ভক্ত সকল।
এই অভিলাসী পানী যোগান আঁচনি খন সম্পূৰ্ণ হৈ উঠিলেই বছৰ বছৰ ধৰি সমস্যাৰ সন্মুখীন হৈ অহা খোৱা পানীৰ সমস্যাৰ পৰা মুক্ত হব অঞ্চলবাসী।
আৰু পঢ়ক : তেজপুৰত আৰক্ষীৰ গুণ্ডাগিৰি, বেতেৰে নিৰ্মমভাৱে কোবাই আঘাত প্ৰাপ্ত কৰিলে ষষ্ঠ শ্ৰেণীৰ ছাত্ৰক