কংগ্ৰেছ এতিয়া অসমীয়া জাতিৰ দল নহয়; তেওঁলোক এতিয়া বাংলাদেশী মুছলমানৰ কাৰণেহে দলঃ শিলাদিত্য দেৱ

0
164

‘আজমল ভৱনটো আগৰ পৰাই আছিলে। কাৰণ আমি লোকসভাটো দেখা পালো তেওঁলোকে কৌশলতাৰে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰতা আছিলে। মই হোজাই সমষ্টিৰ পৰা আহিছো।

তেওঁলোকে নগাঁও সমষ্টিত প্ৰাৰ্থী দিয়া নাছিলে। AIUDFয়ে প্ৰাৰ্থী দিয়া নাছিলে।

গতিকে কংগ্ৰেছ আৰু AIUDFৰ মিত্ৰজোঁট ইতিমধ্যে চলি আছে।’- কংগ্ৰেছৰ ৰাজীৱ ভৱন, শীঘ্ৰে আজমল ভৱন হোৱা বিষয় সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত এইদৰে ক’লে বিধায়ক শিলাদিত্য দেৱে।

কিন্তু তেওঁলোকে এতিয়া ৰাজহুৱাভাৱে যাব নে লুকাই লুকাই যাব সেইটো এতিয়া প্ৰশ্ন।- এই বুলি প্ৰশ্ন উত্থাপন বিধায়কগৰাকীৰ।

‘আমি বিচাৰো তেওঁলোকে লুকা-ভাকু খেলাতকে ৰাজহুৱাভাৱে যাওক।

কংগ্ৰেছ এতিয়া অসমীয়া জাতিৰ বাবে দল নহয়। তেওঁলোক এতিয়া বাংলাদেশী মুছলমানৰ কাৰণেহে দল হিচাপে থাকি গ’ল।

মুছলীম লীগৰ পিছত এতিয়া কংগ্ৰেছ আছে আৰু লগতে AIUDF আছে। তেওঁলোক খোলাখুলি হ’লে আমাৰ একো ক্ষতি নহয়।’- এই বুলি কংগ্ৰেছ আৰু AIUDFক তীব্ৰ সমালোচনা বিধায়কগৰাকীৰ।

‘এটা হ’ল কি হ’ব পাৰিব নে কি এটা প্ৰশ্ন? আমাৰ মাজত দক্ষতা আছে সেইটো এটা বেলেগ কথা।

সেইকাৰণে এইটো হয় যে আমাৰ প্ৰতিগৰাকী কাৰ্যকৰ্তাৰ মাজত দক্ষতাটো আছে বাবেই বিজেপিক পৃথক দল বুলি কোৱা যায়।

কংগ্ৰেছ দলৰ নিচিনা নহয় বিজেপি এটাই মাত্ৰ দল। ইয়াত কোনো A B C D নাই।’- মুখ্যমন্ত্ৰী হোৱা বিতৰ্ক সন্দৰ্ভত এই মন্তব্য শিলাদিত্য দেৱৰ।

আজিৰ দিনত ৰাম-লক্ষ্মণে চলাই আছে। ৰাম-লক্ষ্মণে যেতিয়া চলাব ৰামৰাজ্য স্থাপিত হ’বয়ে।

আজি এখন সুন্দৰ চৰকাৰ চলি আছে আৰু অসমে উন্নয়নৰ পথ দেখা পাইছে।

অসম সুৰক্ষিত হৈছে। মানুহবোৰ সুখী হৈছে। তেন্তে ইয়াত ক’বলগীয়া একো নাই। ৰাম-লক্ষ্মণৰ মাজত ভৰত কেতিয়াও প্ৰৱেশ কৰিব নোৱাৰে। এই মন্তব্য হোজাইৰ বিধায়ক শিলাদিত্য দেৱৰ।

Photo: Time8