ছৈয়দ আব্দুল মালিকক জেহাদী উপমা বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱৰ; জাঙুৰ খাই উঠিছে সংগঠন আৰু বুদ্ধিজীৱি

0
2570

হোজাই সমষ্টিৰ বিজেপি দলৰ বিধায়ক নেতা শিলাদিত্য দেৱৰ পুনৰ বিতৰ্কিত মন্তব্য।

এই মন্তব্যৰ পিছতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।

দুদিন পূৰ্বে বিধায়কগৰাকীয়ে অসমৰ স্বনামধন্য সাহিত্যিক ছৈয়দ আব্দুল মালিকক বৌদ্ধিক জেহাদী বুলি উপমা দিছিল।

দুদিন পূৰ্বে বিধায়কগৰাকীয়ে কৰা মন্তব্য

ইয়াক লৈ তীব্ৰ ক্ষোভ প্ৰকাশ কৰিছে একাংশ বুদ্ধিজীৱী আৰু সংগঠনে।

অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, পদ্মভূষণ উপাধিৰে বিভূষিত মালিকক জেহাদী আখ্যা দিয়াত বিশিষ্ট চিন্তাবিদ ছামচুল বাৰিকে

ছামচুল বাৰিক, বিশিষ্ট বুদ্ধিজীৱী চিন্তাবিদ

শিলাদিত্যৰ এনে মন্তব্যৰ প্ৰত্যাহ্বান জনাই কয় যে জ্ঞানৰ পৰিসৰ নথকা বহুবল্কী বিধায়কগৰাকীয়ে জেহাদীৰ অৰ্থ নজনাৰ বাবে মালিকক উদ্দেশ্যী এনে অগ্ৰহণযোগ্য মন্তব্য কৰিছে।

সেইদৰে ঐক্য সেনা অসমৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক ফৰিদ ইছলাম হাজৰিকাই শিলাদিত্যৰ এনে মন্তব্যৰ বিৰুদ্ধে এক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনায়।

আনহাতে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতিগৰাকীৰ বিৰুদ্ধে এনে কটু মন্তব্য প্ৰদানৰ পিছতো কি অসম সাহিত্য সভা নিৰৱ হৈ আছে সেই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে ঐক্য সেনা অসমে।

Photo: Time8