নেতাজী সুভাষ চন্দ্ৰ বসু আছিল বিশ্বৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদীঃ শিলাদিত্য দেৱ

শীঘ্ৰে এইগৰাকী বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সদৌ অসম বঙালী ঐক্য মঞ্চই। বিধায়ক শিলাদিত্য দেৱক শীঘ্ৰে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী বঙালী ঐক্য মঞ্চৰ

0
202

নেতাজী সুভাষ চন্দ্ৰ বসুক বিশ্বৰ আটাইতকৈ ডাঙৰ সন্ত্ৰাসবাদী বুলি আখ্যা দি শিলাদিত্য দেৱ এতিয়া পৰিছে বিপদত। আনহাতে বিপিন চন্দ্ৰ পালকো উগ্ৰপন্থী বুলি মন্তব্য কৰে বিতৰ্কিত বিধায়কগৰাকীয়ে। ২৩ জানুৱাৰীত নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্মদিন উপলক্ষে নেতাজী দিৱসৰ এক অনুষ্ঠানত ভাগ লৈ বিতৰ্কিত বিধায়ক শিলাদিত্য দেৱে ভাষণত এই বিতৰ্কিত মন্তব্য কৰাৰ ভিডিঅ’ ইতিমধ্যে ভাইৰেল হৈ পৰিছে ছচিয়েল মিডিয়াত।

ভাইৰেল ভিডিঅ’ৰ পিছতেই বিধায়ক শিলাদিত্য দেৱৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে বঙালী সংগঠন। সদৌ অসম বঙালী ঐক্য মঞ্চই বিধায়কজনৰ মন্তব্যক তীব্ৰ গৰিহনা দিয়াৰ লগতে এয়া ক্ষমাৰ অযোগ্য অপৰাধ বুলি কয়। এক বিবৃতিযোগে বঙালী ঐক্য মঞ্চৰ সাধাৰণ সম্পাদক অমৃত লাল দাসে কয় যে, ভাৰতৰ স্বাধীনতা আন্দোলনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ত্যাগ আৰু আত্ম বলিদানক আজিও কোটি-কোটি ভাৰতবাসীয়ে স্মৰণ কৰে। তেনেস্থলত এগৰাকী দায়িত্বশীল বিধায়কে নেতাজীৰ জন্মদিনৰ অনুষ্ঠানত অংশ লৈ ৰাজহুৱাকৈ এনে ধৰণৰ মন্তব্য কৰাটো অশোভনীয় আৰু ধৃষ্টতাপূৰ্বক।

শীঘ্ৰে এইগৰাকী বিধায়কৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে সদৌ অসম বঙালী ঐক্য মঞ্চই। বিধায়ক শিলাদিত্য দেৱক শীঘ্ৰে ৰাজ্যবাসীৰ ওচৰত ক্ষমা খোজাৰ দাবী বঙালী ঐক্য মঞ্চৰ।