বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা নিলম্বন

0
1336
'কোনে কি পিন্ধিব তাৰ বিৰুদ্ধে নহয়, নগ্নতাৰ বিৰুদ্ধেহে হ'ব লাগে প্ৰতিবাদ
ফাইল ফটো

বিধায়ক শ্বেৰমান আলীক কংগ্ৰেছ দলৰ পৰা নিলম্বন

অসমৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰি গ্ৰেপ্তাৰ হোৱা বাঘবৰ সমষ্টিৰ কংগ্ৰেছৰ বিধায়ক শ্বেৰমান আলীক আনুষ্ঠানিকভাৱে কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰা হৈছে।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ভূপেন বৰাই দলীয় অনুশাসন ভংগ কৰাৰ অপৰাধত কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীক দলৰ পৰা নিলম্বন কৰে।

উল্লেখযোগ্য যে, দৰঙৰ গৰুখঁটিৰ ঘটনাৰ পাছতে কংগ্ৰেছী বিধায়ক শ্বেৰমান আলীয়ে অসমৰ শ্বহীদক লৈ বিতৰ্কিত মন্তব্য কৰিছিল যাৰ পাছতে অসমৰ জাতীয় দল-সংগঠনে শ্বেৰমান আলীৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

এই অভিযোগৰ পাছতে দিছপুৰ আৰক্ষীয়ে বিধায়ক আৱাসৰ পৰা শ্বেৰমান আলীক গ্ৰেপ্তাৰ কৰিছিল।

শ্বেৰমান আলীক গ্ৰেপ্তাৰৰ পাছতে বিধায়ক গৰাকীক কংগ্ৰেছ দলৰ পৰা নিলম্বন কৰাৰ বাবেও দাবী উত্থাপন কৰিছিল বিভিন্ন পক্ষই।

অসম প্ৰদেশ কংগ্ৰেছ কমিটিয়ে শ্বেৰমান আলীক তেওঁ কৰা মন্তব্যৰ স্পষ্টীকৰণ দিয়াৰ বাবে তিনিদিন সময়ো দিছিল।

আৰু পঢ়ক : কৃষকৰ প্ৰতিবাদস্থলীত ৮ গৰাকী লোকৰ মৃত্যুৰ পাছতে কেন্দ্ৰীয় মন্ত্ৰীৰ পুত্ৰৰ বিৰুদ্ধে গোচৰ ৰুজু