25.5 C
Guwahati
Friday, July 30, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বিধায়কৰ ভাতৃ

    ধৰ্ষণৰ অভিযোগত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ বিধায়কৰ ভাতৃ। নিৰ্বাচন চমু চাপি অহাৰ সময়তে এগৰাকী বিধায়কৰ ভাতৃৰ গ্ৰেপ্তাৰে তোলপাৰ লগাইছে ধুবুৰী জিলা।

    ধুবুৰীৰ এ আই ইউ ডি এফৰ বিধায়ক নজৰুল হকৰ ভাতৃক ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ। দীৰ্ঘদিনৰ পৰা এগৰাকী যুৱতীক ধৰ্ষণ কৰি অহাৰ অভিযোগ উত্থাপন।

    বিধায়ক গৰাকীৰ ভাতৃ জমিৰউদ্দিন আলম বেপাৰীৰ বিৰুদ্ধে অভিযোগ, যুৱতীগৰাকীক বিভিন্ন প্ৰলোভন লগতে নিচা জাতিয় দ্ৰব্য আদি খুৱাই ধৰ্ষণ কৰি আহিছিল। সেই অভিযোগৰ ওপৰতে ৮ মাৰ্চ তাৰিখে যুৱতী গৰাকীয়ে ২২০/২১ নম্বৰত গোলকগঞ্জ থানাত এজাহাৰ দাখিল কৰিছিল।

    সেই ধৰ্ষণৰ গোচৰৰ ভিত্তিতে ধুবুৰীৰ বিধায়কৰ ভাতৃ জমিৰউদ্দিনক আজি গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। যি লৈ এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ধুবুৰী জিলাত।

    Input and Photo – Aminur Ahmed

    আৰু পঢ়ক : অজন্তা বাইদেউৰ দুৰ্দশা, নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ চাহ শ্ৰমিকৰ পৰা খালে পহুখেদা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং