
ঘৰৰ পৰা ওলালেই ক’লা পতাকাৰ সন্মুখীন হয় বিজেপিৰ মন্ত্ৰী-বিধায়কসকল। আজি পুনৰ ক’লা পতাকাৰ সন্মুখীন হ’ল বিধায়ক প্ৰশান্ত ফুকন। নিজ বাসগৃহৰ পৰা ডিব্ৰুগড় অভিমুখে যোৱাৰ সময়তে আছুৰ কৰ্মীসকলে বিধায়কজনৰ বাহনৰ সন্মুখত ক’লা পতাকা প্ৰদৰ্শন কৰি বিভিন্ন শ্লোগান দিয়ে।
উল্লেখ্য যে শুকুৰবাৰেও ডিব্ৰুগড় আৱৰ্ত ভৱনত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে বৈঠকত মিলিত হোৱাৰ সময়তো আছু কৰ্মীয়ে বৰতাল বজাই ক’লা পতাকা প্ৰদৰ্শন কৰি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তুলিছিল। ইয়া পূৰ্বেও বিধায়ক প্ৰশান্ত ফুকনক আছুৱে ক’লা পতাকা প্ৰদৰ্শন কৰিছিল।
ডিব্ৰুগড় নগৰৰ খেমকা মাৰ্কেটৰ সমীপত বিধায়ক প্ৰশান্ত ফুকনৰ গাড়ী আগচি ধৰি প্ৰতিবাদকাৰীসকলে ক’লা পতাকা প্ৰদৰ্শন কৰি প্ৰতিবাদ সাব্যস্ত কৰে।