26.8 C
Guwahati
Tuesday, July 27, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    বিপদ সমাগত! উচ্চ ন্যায়ালয়ৰ ৰোষত এইগৰাকী বিধায়ক, কিয়নো জানি বুজি কৰিছে এই কাম

    বিপদ সমাগত! উচ্চ ন্যায়ালয়ৰ ৰোষত এইগৰাকী বিধায়ক, কিয়নো জানি বুজি কৰিছে কিছু ভুল কাম। সোনাই সমষ্টিৰ বিধায়ক কৰিমুদ্দিন বৰভূঞাৰ বিপদ সমাগত।

    নতুনকৈ বিধায়ক নিৰ্বাচিত হোৱাৰ পিছত এগৰাকী মুছলমান বিধায়ক হৈয়ো সংস্কৃত ভাষাত শপত পাঠ কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছিল। পিছে সেই গৰাকী বিধায়কেই নিৰ্বাচনত ভুৱা তথ্য দি উচ্চ ন্যায়ালয়ৰ ৰোষত পৰিছে।

    শিক্ষাগত অৰ্হতা আৰু সম্পত্তিৰ সন্দৰ্ভত ভুৱা তথ্য দাখিল কৰিছিল কৰিমুদ্দিন বৰভূঞাই। বেংকত NPA হোৱা লোনৰ তথ্য উল্লেখ কৰা নাছিল বিধায়ক গৰাকীয়ে৷

    ইয়াৰ বিৰুদ্ধে গুৱাহাটী উচ্চন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰতিপক্ষ প্ৰাৰ্থী আমিনুল হক লস্কৰ। গোচৰৰ শুনানি গ্ৰহণ কৰি ন্যায়ালয়ৰ নিৰ্দেশ ৪ আগষ্টৰ ভিতৰত ন্যায়ালয়ত সোঁ শৰীৰে হাজিৰ হ’ব লাগিব কৰিমুদ্দিন বৰভূঞা।

    উল্লেখ্য যে, এ আই ইউ ডি এফৰ হৈ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি কৰিমগঞ্জৰ সোনাই সমষ্টিৰ পৰা জয়ী হৈ হৈছিল কৰিমুদ্দিন বৰভূঞা।

    আৰু পঢ়ক : কুৰকুৰে খাবলৈ দিয়াৰ প্ৰলোভনেৰে ৬ বছৰীয়া কনমানি শিশুক ধৰ্ষণ পাষণ্ড বৃদ্ধৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং