অসম চৰকাৰৰ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মাতৃৰ সৈতে আত্মীয়-স্বজনক সংগ দিলে বিধায়ক ভূৱন পেগুৱে

0
86
অসম চৰকাৰৰ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মাতৃৰ সৈতে ভূৱন পেগুৱে
প্ৰতিকী ফটো

অসম চৰকাৰৰ পদক্ষেপৰ প্ৰতি সঁহাৰি জনাই মাতৃৰ সৈতে আত্মীয়-স্বজনক সংগ দিলে বিধায়ক ভূৱন পেগুৱে

অসম চৰকাৰৰ নতুন বছৰৰ নতুন পদক্ষেপক সন্মান জনাই পিতৃ-মাতৃৰ সৈতে সময় কটোৱাৰ যি আহ্বান জনাইছিল সেই আহ্বানৰ প্ৰতি সহাৰি জনাই জোনাইৰ বিধায়ক ভূৱন পেগুৱে শুকুৰবাৰে নিজ মাতৃৰ সৈতে আত্মীয় স্বজনৰ সৈতে সময় পাৰ কৰে।

৬ আৰু ৭ জানুৱাৰী দিনটো অসম চৰকাৰে ৰাজ্যৰ কৰ্মচাৰী আৰু বিধায়ক মন্ত্ৰী সকলে পিতৃ-মাতৃ নাইবা পৰিয়ালৰ সৈতে সময় কটোৱাৰ যি আহ্বান জনাইছিল তাৰ প্ৰতি সহাঁৰি জনাই বিধায়ক ভূৱন পেগুৱে নিজা মাতৃৰ মনৰ আশা পূৰ্ণ কৰাৰ বাবে  শুকুৰবাৰে মাতৃৰ সৈতে আত্মীয় স্বজনৰ কাষত উপস্থিত হয়৷

মাতৃৰ সৈতে বিধায়কজনে অসম অৰুণাচল সীমান্তৰ নামে নামৰ গাওঁখনত উপস্থিত হয় য’ত বিধায়ক ভূৱন পেগুৰ নিজা আত্মীয় স্বজন বাস কৰে৷

মাতৃৰ মনৰ আশা পূৰ্ণ কৰাৰ বাবে বিধায়কজনে নিজা মাতৃক লৈ আত্মীয়ৰ পৰিয়ালত উপস্থিত হোৱাৰ লগতে সকলোৱে মিলিজুলি একেলগে এসাঁজ গ্ৰহণ কৰে৷

বিধায়ক জনৰ মাতৃয়ে অসমৰ মুখ্য মন্ত্ৰীক ধন্যবাদ জনাই এনে মহৎ কাৰ্যসূচী হাতত লোৱা বাবে৷

আৰু পঢ়ক : কেনে যাব আজি আপোনাৰ দিনটো? কি কি বস্তুৰ পৰা আঁতৰি থাকিব?