দুটাতকৈ অধিক সন্তান থকা পিতৃ-মাতৃক এগৰাকী মন্ত্ৰীৰ পুৰস্কাৰ, প্ৰদান কৰিলে নগদ ধন…

0
85
দুটাতকৈ অধিক সন্তান থকা পিতৃ-মাতৃক এগৰাকী মন্ত্ৰীৰ পুৰস্কাৰ, প্ৰদান কৰিলে

দুটাতকৈ অধিক সন্তান থকা পিতৃ-মাতৃক এগৰাকী মন্ত্ৰীৰ পুৰস্কাৰ, প্ৰদান কৰিলে নগদ ধন…

জনসংখ্যা বৃদ্ধি এক ভয়ংকৰ সমস্যা। জনসংখ্যা কমাবলৈ বিভিন্ন চৰকাৰে পদক্ষপ গ্ৰহণ কৰিছে যদিও এখন চৰকাৰৰ এগৰাকী মন্ত্ৰীয়ে ঘোষণা কৰিছে এক বিশেষ সিদ্ধান্ত।

অসমৰ চুবুৰীয়া ৰাজ্য মিজোৰাম আছে এতিয়া বিশেষ চৰ্চাত। মিজোৰামৰ খেল মন্ত্ৰী ৰবাৰ্ট ৰোমাবিয়া ৰয়তে মঙলবাৰে তেওঁৰ নিৰ্বাচন ক্ষেত্ৰ আইজল ইষ্টত দুটাতকৈ অধিক লৰা-ছোৱালী থকা ১৭ গৰাকী পিতৃ-মাতৃক আঢ়ৈ লাখ টকা আৰু শুভেচ্ছা পত্ৰ বিতৰণ কৰে।

ৰয়ত স্থানীয় লোকৰ মাজত ”’আৰ আৰ আৰ” বুলি জনাজাত।তেওঁ নিজৰ নিৰ্বাচন ক্ষেত্ৰত জনসংখ্যাৰ দৃষ্টিত সৰু মিজো সমূদায়ত জনসংখ্যা বৃদ্ধিৰ বাবে উতসাহিত কৰাৰ বাবে ‘জুনত ফাডাৰ্চ দে’ৰ সময়ত সৰ্বাধিক সন্তান থকা পিতৃ-মাতৃক এক-এক লাখ টকাৰ নগদ ধন দিয়াৰ ঘোষণা কৰিছিল।

ৰয়ত এগৰাকী বিধৱা নগুৰৌৱীক এক লাখ টকা পুৰষ্কাৰ দিয়ে যাৰ ১৫ টা সন্তান আছে আৰু তাৰ ভিতৰত ৭ টা পুত্ৰ সন্তান। মন্ত্ৰী গৰাকীৰ মতে মিজোৰামৰ বিকাশৰ বাবে যিমান লোকৰ প্ৰয়োজন সেই হিচাপত জনসংখ্যা কম।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে মিজোৰামৰ দৰে ৰাজ্যত দুটা সন্তান থকা নিয়ম পালন কৰা অস্বীকাৰ্য কিয়নো ইয়াত জনসংখ্যাৰ ঘনত্ব কেৱল ৫২ ব্যক্তি প্ৰতিবৰ্গ কিলোমিটাৰ। আনহাতে অন্যৰাজ্যত ৬০০ ব্যক্তি প্ৰতি বৰ্গ কিলোমিটাৰ।

উল্লেখ্য যে, ২০১১ চনত মিজোৰামত ১০.৯৭ লাখ জনসংখ্যা আছিল যি ২০০১ জনসংখ্যাতকৈ ২৩.৪৮ শতাংশ বেছি।মিজোৰামৰ জনসংখ্যাৰ প্ৰায় ৮৭ শতাংশ মিজো জনজাতি।

আৰু পঢ়ক : ২ মাহ ধৰি হৈ আছিল পেটৰ বিষ, পিছত গ’ম পালে পেটৰ ভিতৰত আছিল মাৰাত্মক…