কোহলীৰ উইকেট দখল কৰি ডাঙৰ অভিলেখ গঢ়িলে ষ্টাৰ্কে, সৰ্বাধিক উইকেট দখল কৰা চতুৰ্থজন বলাৰত পৰিণত

0
0

অষ্ট্ৰেলিয়াৰ বেগী বলাৰ মিচেল ষ্টাৰ্ক এতিয়া অষ্ট্ৰেলিয়াৰ হৈ চতুৰ্থ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় উইকেট গ্ৰহণকাৰী হিচাপে পৰিগণিত হৈছে। ভাৰতৰ বিৰুদ্ধে মুম্বাইত অনুষ্ঠিত হৈ থকা শৃংখলাৰ প্ৰথমখন এদিনীয়াত বিৰাট কোহলীৰ উইকেট দখল কৰি ষ্টাৰকে এই নতুন অভিলেখ গঢ়িবলৈ সক্ষম হৈছে।

দ্বিতীয় ইনিংছৰ পঞ্চম অভাৰৰ পঞ্চমটো বলত মিচেল ষ্টাৰ্কে বিৰাট কোহলীক আৰু ষষ্ঠ বলত সূৰ্য্যকুমাৰ যাদৱক এল বি ডব্লিউ আউট কৰি পেভিলিয়নলৈ প্ৰেৰণ কৰে।

বিৰাট কোহলীৰ উইকেট লোৱাৰ লগে লগে ষ্টাৰ্কে অতিক্ৰম কৰে অষ্ট্ৰেলিয়াৰ প্ৰাক্তন বেগী বলাৰ মিচেল জনছনক। অষ্ট্ৰেলিয়াৰ হৈ ৫৯০টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰি মিচেল জনছন এতিয়াও অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰা বলাৰৰ তালিকাত পঞ্চম স্থানত আছে।

জানো আহক এই তালিকাৰ শীৰ্ষত কোন আছে

অষ্ট্ৰেলিয়াৰ হৈ সৰ্বাধিক আন্তঃৰাষ্ট্ৰীয় উইকেট লাভ কৰিছে প্ৰয়াত বলাৰ শ্বেন ৱাৰ্নে। তেওঁ নিজৰ কেৰিয়াৰত মুঠ ৯৯৯টা উইকেট দখল কৰে। তেওঁৰ পিছতে দ্বিতীয় স্থানত আছে প্ৰাক্তন সোঁহাতৰ বেগী বলাৰ গ্লেন মেগ্ৰা। অষ্ট্ৰেলিয়াৰ হৈ মেগ্ৰাই নিজৰ কেৰিয়াৰত ৯৪৮টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰিছে।

ব্ৰেট লীৰ নাম এই তালিকাত তৃতীয় স্থানত আছে। ব্ৰেট লীয়ে নিজৰ কেৰিয়াৰত ৭১৮টা উইকেট দখল কৰিছে। এই তিনিজন কিংবদন্তি প্ৰাক্তন বলাৰৰ পিছত এতিয়া আছে মিচেল ষ্টাৰ্ক।

এই খবৰ লিখাৰ সময়লৈকে মিচেল ষ্টাৰ্কে মুঠ ৫৯৩টা আন্তঃৰাষ্ট্ৰীয় উইকেট দখল কৰিছে। তেওঁৰ পিছত পাঁচ নম্বৰত আছে আন এজন প্ৰাক্তন অষ্ট্ৰেলিয়ান বলাৰ মিচেল জনছন।