মিছন ১০০ অভিযান আৰম্ভ বিজেপিৰ

বৰপেটা জিলাৰ ৮টা বিধানসভা সমষ্টিৰ ৬টা সমষ্টি দখলৰ লক্ষ্য

0
81

২০২১ চনত অনুষ্ঠিত হ’ব ৰাজ্যৰ বিধানসভা নিৰ্বাচন৷ শাসকীয় বিজেপিয়ে ২১ৰ নিৰ্বাচনত পুনৰ ক্ষমতালৈ অহাৰ বাবে আৰম্ভ কৰিছে মিছন ১০০ অভিযান৷ ৰাজ্যৰ ১০০টা সমষ্টি দখলৰ লক্ষ্যৰে সাংগঠনিক তৎপৰতা আৰম্ভ কৰা বিজেপিয়ে বৰপেটা জিলাৰ ৮টা বিধানসভা সমষ্টিৰ ভিতৰত ৬টা সমষ্টি দখলৰ লক্ষ্য লৈছে৷

মঙলবাৰে বৰপেটা জিলা বিজেপিৰ নৱগঠিত জিলা সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰে৷ বৰপেটা জিলা বিজেপিৰ নতুন সমিতিয়ে কাৰ্যভাৰ গ্ৰহণ কৰি সাংবাদিকৰ আগত ২১ৰ নিৰ্বাচনক লৈ দলটোৰ লক্ষ্য সন্দৰ্ভত মন্তব্য কৰে৷ সভাপতিগৰাকীৰ দাবী জিলাখনৰ জনীয়া আৰু বাঘবৰ সমষ্টি দুটাৰ বাহিৰে বৰপেটা, চেঙা, সৰভোগ, সৰুক্ষেত্ৰী, ভৱানীপুৰ আৰু পাটাছাৰকুছি সমষ্টিকেইটা দখল কৰিব বিজেপিয়ে৷

Photo Credit : Maidul Islam