28 C
Guwahati
Sunday, October 2, 2022
More

    শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা ! সন্ধানহীন পিতৃক বিচাৰিবলৈ আহি নিৰুদ্দেশ কন্যা

    শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা ! সন্ধানহীন পিতৃক বিচাৰিবলৈ আহি নিৰুদ্দেশ কন্যা

    শিৱসাগৰৰ নামতিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।নিৰুদ্দেশ হৈ আছে পিতৃ-কন্যা। জানিব পৰা মতে মঙলবাৰৰ নিশাৰ পৰা নিৰুদ্দেশ হৈ আছে পিতৃ-কন্যা।

    সন্ধানহীন হৈ থকা পিতৃ-কন্যা নামতিৰ খামুন গাঁৱৰ প্ৰশান্ত শৰ্মা আৰু গিতাশ্ৰী শৰ্মা ওৰফে শিৱানী বুলি জানিব পৰা গৈছে।

    ঘৰৰ পৰা দেউতাক নোহোৱা হোৱাত নামদাং নদীৰ পাৰত পিতৃক বিচাৰিবলৈ আহি সন্ধানহীন হৈ আছে পঞ্চম শ্ৰেণীৰ ছাত্ৰী গৰাকী।

    নামদাং নদীৰ পাৰত পিতৃৰ কাপোৰ, টৰ্চ লাইট, চেণ্ডেল উদ্ধাৰ কৰা হৈছে। স্থানীয় লোকে নামদাং নদীতে পিতৃ-কন্যা সন্ধানহীন হোৱাৰ সন্দেহ কৰিছে।

    Input- Jiyaruddin Ahmed

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং