
নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত ৰাজ্যজুৰি আন্দোলন তীব্ৰ ৰূপ ধাৰণ কৰি থকা সময়তে তিনিচুকীয়া পেঙেৰীৰ আছু নেতা বিজু গগৈ নিৰুদ্দেশ হোৱা ঘটনাই তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে তিনিচুকীয়াত৷ ঘটনাৰ তথ্য অনুসৰি ৩ জানুৱাৰীত নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত তিনিচুকীয়াৰ আইটিআইৰ খেলপথাৰত সদৌ তিনিচুকীয়া জিলা ছাত্ৰ সন্থা আৰু মটক যুৱ ছাত্ৰ সন্মিলনে আয়োজন কৰা গণ হুংকাৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি নিজ ঘৰলৈ উভতি যোৱা নাই বৰডুমচা-পেঙেৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহকাৰী সম্পাদক তথা নগাপথাৰৰ যুৱক বিজু গগৈ৷ ইয়াকে লৈ বিজু গগৈৰ ঘৰত শংকিত হৈ পৰিছে পৰিয়ালৰ লোক৷
ঘৰলৈ ওভতি নোযোৱাত পৰিয়ালৰ লোকে বিজু গগৈৰ নিৰুদ্দেশৰ সন্দৰ্ভত পেঙেৰী থানাত লিখিত অভিযোগ দাখিল কৰিছে ৷ ইফালে বিজু গগৈয়ে কেইবাজনো সতীৰ্থলৈ ‘মই দেশৰ কাৰণে ওলাই আহিলো বুলি’ মোবাইলত মেছেজ কৰাৰ কথা সোমবাৰে পোহৰলৈ অহাত সকলোৱে বিজু গগৈৱে আলফা স্বাধীনত যোগদান কৰা বুলি সন্দেহ প্ৰকাশ কৰিছে ৷

সতীৰ্থলৈ বিজুৰ পৰা এইদৰে মেছেজ অহাৰ বিষয়ে জানিব পাৰি আছু নেতা বিজু গগৈৰ মাতৃ-ভগ্নী শোকত ভাঙি পৰিছে৷ ইফালে ছাত্ৰ নেতাগৰাকীৰ সন্ধানত তিনিচুকীয়া আৰক্ষীয়ে অনুসন্ধান অব্যাহত ৰাখিছে ৷
Photo credit: Time8