28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৭৩ দেশৰ সুন্দৰীক পেছ পেলাই মিছ ইউনিভাৰ্ছ আন্দ্ৰেয়া, পেছাত আন্দ্ৰেয়া অভিযন্তা

    ৭৩ দেশৰ সুন্দৰীক পেছ পেলাই মিছ ইউনিভাৰ্ছ আন্দ্ৰেয়া, পেছাত আন্দ্ৰেয়া অভিযন্তা

    ঘোষণা হল ২০২১ বৰ্ষৰ মিছ ইউনিভাৰ্চৰ নাম। ৬৯ সংখ্যক এইবাৰৰ শ্ৰেষ্ঠ সুন্দৰীৰ খিতাপ দখল মেক্সিকৰ আন্দ্ৰেয়া মেজাৰ। ৭৩ খন দেশ সুন্দৰীক পেছ পেলাই শ্ৰেষ্ঠত্বৰ খিতাপ অৰ্জন কৰা আন্দ্ৰেয়া পেছাত এগৰাকী অভিয়ন্তা।

    মিছ ইউনিভাৰ্চৰ খিতাপ দখল কৰা আন্দ্ৰেয়া হৈছে মেক্সিকৰ তৃতীয়গৰাকী মহিলা। আন্দ্ৰেয়া জন্ম ১৯৯৪ চনৰ ১৩ আগষ্টত হৈছিল। আন্দ্ৰেয়া পিতৃ-মাতৃৰ জ্যেষ্ঠ কন্যা। তেঁওৰ তলত আৰু দুগৰাকী ভগ্নী আছে।

    View this post on Instagram

    A post shared by MISSUUPDATES (@missuupdates)

    এগৰাকী সফল মডেলৰ লগতে আন্দ্ৰেয়া এগৰাকী ছফ্টৱেৰ অভিযন্তা। ২০১৭ত অভিযন্তাৰ ডিগ্ৰী গ্ৰহণ কৰিছিল আন্দ্ৰেয়াই। ২০১৭ বৰ্ষত মিছ মেক্সিকোৰ খিতাপ দখল কৰা আন্দ্ৰেয়াই ২০২০ চনত মেক্সিকান ইউনিভাৰ্চেল খিতাপো দখল কৰিছিল।

    আনহাতে ভাৰতৰ এডলাইন কেছলীনোই শ্ৰেষ্ঠ চাৰিলৈ উন্নীয় হয়।

    উল্লেখ্য যে, আন্দ্ৰেয়াই ২০১৭ বৰ্ষৰ মিছ ইউভাৰ্ছ প্ৰতিযোগিতাতো শ্ৰেষ্ঠ তিনিলৈ উন্নীত হৈছিল। কিন্তু সেইবাৰ শ্ৰেষ্ঠত্বৰ খিতাপ দখল কৰিছিল ভাৰতৰ মানুষী ছিল্লাৰে। আনাহতে বিগত বৰ্ষত কৰণা মহামাৰীৰ বাবে এই মিছ ইউনিভাৰ্ছ প্ৰতিযোগিতা অনুষ্ঠিত হোৱা নাছিল।

    আৰু পঢ়ক : চিবিআইয়ে গ্ৰেপ্তাৰ কৰিলে তৃণমূলৰ দুই কেবিনেট মন্ত্ৰীক, ক্ষোভিত মমতাৰ মন্তব্য- মোকো গ্ৰেপ্তাৰ কৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published