আমিনগাঁৱত দিন দুপৰতে ডকাইতি, হাতৰ পৰা কাঢ়ি নিলে ৫০ হাজাৰ টকা

অভাৰচিজ বেংকৰ পৰা টকা উলিয়াই পথেৰে খোজকাঢ়ি গৈ থাকোতে এগৰাকী মহিলাৰ পৰা বাইকত অহা ২ দুৰ্বৃত্তই কাঢ়ি নিলে টকাৰ বেগটো

0
996

ৰাজ্যত বাঢ়িছে চুৰি-ডকাইতিৰ ঘটনা। এইবাৰ আমিনগাঁৱত দিন দুপৰতে দুৰ্বত্তই লুটি লৈ গ’ল ৫০ হাজাৰ টকাসহ এটা বেগ। অভাৰচিজ বেংকৰ পৰা টকা উলিয়াই পথেৰে খোজকাঢ়ি গৈ থাকোতে এগৰাকী মহিলাৰ পৰা বাইকত অহা ২ দুৰ্বৃত্তই কাঢ়ি নিলে টকাৰ বেগটো। বেগটোত আছিল মোবাইল ফোনসহ বহুতো গুৰুত্বপূৰ্ণ নথি-পত্ৰ।

আমিনগাঁও ৰাজীৱ ভৱনৰ সমীপত সংঘটিত হয় এই ডকাইতিৰ ঘটনা। চাংসাৰী শিলভৰালৰ জননী আত্মসহায়ক গোটৰ ৪ গৰাকী কৰ্মীয়ে বেংকৰ পৰা উলিয়াই আনিছিল ৫০ হাজাৰ টকা। ঘটনা সন্দৰ্ভত আমিনগাঁও আৰক্ষীক অৱগত কৰিছে ভুক্তভোগী মহিলাকেইগৰাকীয়ে।