32 C
Guwahati
Friday, September 17, 2021
More

    Breaking: বৰপথাৰ ষ্টেট বেংক শাখাৰ পৰা দুৰ্বৃত্তই লুটিলে ২ লাখ ৫০ হাজাৰ টকা

    কিন্তু লুটি লৈ যোৱা টকাৰ বেগটো বৰপথাৰ প্ৰাথমিক চিকৎসালয়ৰ চৌহদত উদ্ধাৰ হয়

    ভাৰতীয় ষ্টেট বেংক বৰপথাৰ শাখাৰ পৰা দুৰ্বৃত্তৰ এটা দলে প্ৰায় আঢ়ৈ লাখ টকা লৈ উধাও হয়৷ উল্লেখ্য যে, সঞ্জীৱ পুৰি নামৰ এজন যুৱকে ষ্টেট বেংকৰ CSPৰ বাবে টকা নিবলৈ আহোতেই অচিনাক্ত দুৰ্বৃত্তই টকাৰ বেগটো লৈ পলায়ন কৰে ৷ কিন্তু লুটি লৈ যোৱা টকাৰ বেগটো বৰপথাৰ প্ৰাথমিক চিকিত্সালয়ৰ চৌহদত উদ্ধাৰ হয় ৷ চিকিৎসালয় বন্ধ কৰাৰ সময়ত এগৰাকী নাৰ্ছে বেগটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষীক।

    কিন্তু উদ্ধাৰ হোৱা বেগটোত আছিল ৯০ হাজাৰ টকাহে। বাকী ১ লাখ ৫০ হাজাৰ টকা এতিয়াও উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা নাই৷ বৰপথাৰ আৰক্ষীয়ে বেংকৰ CCTVৰ ফুটেজৰ যোগেদি তদন্ত অব্যাহত ৰাখিছে যদিও এতিয়াও চোৰ কৰায়ত্ত কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনাৰ পিছতে তীব্ৰ চাঞ্চল্যৰ সৃষ্টি অঞ্চলটোত।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং