
শিলচৰত কোনো অচিনাক্ত দুৰ্বৃত্তই এজন ব্যৱসায়ীক চোকা অস্ত্ৰৰে ভাবুকি প্ৰদান কৰি অপহৰণ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
অপহৃত ব্যৱসায়ীজনক বদৰপুৰ ঘাটৰ বাসিন্দা চেলিম উদ্দিন বৰভূঞা বুলি চিনাক্ত কৰা হৈছে।
বাতৰি অনুসৰি, চেলিম উদ্দিনক শনিবাৰে নিশা চোনাই ৰোডৰ পৰা অপহৰণ কৰা হৈছিল আৰু এখন ৱাগন আৰ-ত বহাই অজ্ঞাত স্থানলৈ লৈ যোৱা হয়।
অপহৰণকাৰী দলটোৱে চেলিমৰ পৰিয়ালক মুক্তিৰ বাবে বৃহত পৰিমাণৰ ধন দাবী কৰিছে।
ইফালে, চেলিমৰ পৰিয়ালে ঘটনা সন্দৰ্ভত ৰঙিৰখাৰী আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰিছে।
এজাহাৰৰ পিছতে আৰক্ষীয়ে অপহৰণকাৰীসকলক বিচাৰি উলিয়াবলৈ আৰু চেলিমক উদ্ধাৰ কৰিবলৈ অনুসন্ধান অভিযান আৰম্ভ কৰিছে।