17 C
Guwahati
Wednesday, December 1, 2021
More

    বোমা বিস্ফোৰণেৰে অসমৰ চৰকাৰী বিদ্যালয় ধ্বংস কৰিলে মিজো দুস্কৃতিকাৰীয়ে

    বৰ্তমানেও অসম-মিজোৰাম সীমান্তত অব্যাহত আছে সীমা বিবাদকেন্দ্ৰীক পৰিস্থিতি। কেন্দ্ৰীয় চৰকাৰৰ লগতে দুয়োখন ৰাজ্য চৰকাৰে হস্তক্ষেপ কৰাৰ পিছতো নিয়ন্ত্ৰণলৈ অহা নাই উত্তপ্ত পৰিস্থিতি। পুনৰ অসমৰ ভূমিত অৱস্থিত এখন বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটালে মিজো দুষ্কৃতিকাৰীয়ে। কাছাৰ জিলাৰ ধলাইৰ অসম-মিজোৰাম সীমান্তৰ আপাৰ পাইনম এলপি স্কুলত নিশা মিজো সকলে বোমা বিস্ফোৰণ ঘটাই বিদ্যালয়গৃহ তচনচ কৰে।

    বৰ্তমান বিদ্যালয়খন মিজো আইআৰ বেটেলিয়ানৰ দখলত আছে বুলি জানিব পৰা গৈছে৷ প্ৰকাশিত তথ্য মতে, নিশা ২ বজাত মিজো দুষ্কৃতিকাৰীয়ে বিদ্যালয়খনত এক ভয়ংকৰ বোমা বিস্ফোৰণ ঘটায়৷ কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ সীমান্তত টহল থকা সত্ত্বেও মিজো দুষ্কৃতিকাৰীয়ে বোমা বিস্ফোৰণ ঘটায় অসমৰ ভূমিত অৱস্থিত বিদ্যালয়খনত।

    প্ৰধান শিক্ষকগৰাকীয়ে পুৱা খবৰ পাই বিদ্যালয়লৈ যাব বিচাৰিছিল যদিও মিজো আৰক্ষীয়ে এইক্ষেত্ৰত বাধা প্ৰদান কৰিছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে মিজো সকলে আন এখন বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটাইছিল৷ আৰু শনিবাৰে পুনৰ অসমৰ ভূমিৰ আৰু এখন বিদ্যালয়ত বোমা বিস্ফোৰণ ঘটোৱাৰ বিষয়টোৱে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইফালে ইমানৰ পিছতো মৌন হৈ আছে অসম চৰকাৰৰ ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং