23 C
Guwahati
Friday, May 20, 2022
More

    পাথাৰকান্দিত চাঞ্চল্য; বাইকত অহা দুৰ্বৃত্তই গুলিয়ালে এজন যুৱকক

    পাথাৰকান্দিত চাঞ্চল্য; বাইকত অহা দুৰ্বৃত্তই গুলিয়ালে এজন যুৱকক

    কৰিমগঞ্জৰ পাথাৰকান্দিত গুলিয়াগুলীৰ ঘটনা সংঘটিত হৈছে। এজন যুৱকক লক্ষ্য কৰি বাইকত অহা দুৰ্বৃত্তই গুলি চলোৱা ঘটনাই সমগ্ৰ অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    পাথাৰকান্দিৰ লক্ষীপুৰ বজাৰত শনিবাৰে সন্ধিয়া সংঘটিত হৈছে এই ঘটনা।

    ঘৰৰ পৰা বজাৰলৈ আহি বাইক ষ্টেণ্ড কৰোতেই যুৱকজনক পিছ ফালৰ পৰা গুলিয়াই দুস্কৃতিকাৰীয়ে।

    শৰীৰত দুটাকৈ গুলী লগা যুৱকজন হাবিবুল বাহাৰ খণ্ডকাৰ বুলি জানিব পৰা গৈছে।

    আঘাতপ্ৰাপ্ত যুৱকজন পাথাৰকান্দি আৰক্ষী থানাৰ অধীনস্থ পুৰাণ চান্দপুৰ এলেকাৰ বাসিন্দা।

    ঘটনাৰ পিছত স্থানীয় ৰাইজে যুৱকজনক উদ্ধাৰ কৰি পাথাৰকান্দি হাস্পতাললৈ লৈ আনে যদিও স্বাস্থ্যৰ অৱস্থা সংকটজনক হোৱাত শিলচৰ মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰে।

    কোনে আৰু কিয় যুৱকজনক গুলিয়ালে সেয়া এতিয়াও ৰহস্যৰ আৱৰ্তত।

    অৱশ্যে ঘটনা সন্দৰ্ভত পাথাৰকান্দি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

    ইনপুট : মনোজ মোহান্তি

    আৰু পঢ়ক : পাৰ্টি খাবলৈ বুলি নগাঁৱলৈ ওলাই যোৱা পদুম মণ্ডল নিৰুদ্দেশ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং