28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    ৰাজ্যত নিৰ্বাচনী হিংসাঃ নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা গৈ থাকোতেই ৰাইজৰ দলৰ সমৰ্থকক কোৰেৰে প্ৰহাৰ দুৰ্বৃত্তৰ

    ৰাজ্যত নিৰ্বাচনী হিংসাঃ নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা গৈ থাকোতেই ৰাইজৰ দলৰ সমৰ্থকক কোৰেৰে প্ৰহাৰ দুৰ্বৃত্তৰ

    ৰাজ্যত নিৰ্বাচনী জ্বৰ। ইয়াৰ সমান্তৰালকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত নিৰ্বাচনী হিংসাৰ ঘটনা পোহৰলৈ আহিছে।

    সোমবাৰ নিশা নাৰায়ণপুৰত নিশা নিৰ্বাচনী হিংসাৰ ঘটনা সংঘটিত হয় ৷ৰাইজৰ দলৰ সমৰ্থকক আক্ৰমণ দুৰ্বৃত্তৰ ৷

    ৰাইজৰ দলৰ বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী অনুপ শইকীয়াৰ এক নিৰ্বাচনী প্ৰচাৰ সভাৰ পৰা দুজন সমৰ্থক গৈ থকা অৱস্থাত নাৰায়ণপুৰৰ তৰাজুলিৰ ন-পমুৱাত দুৰ্বৃত্তই আক্ৰমণ কৰে ৷ এটি নামঘৰত নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি আহি থকা অৱস্থাত ৰাইজৰ দলৰ তোষেশ্বৰ লেখাৰু আৰু দেৱেশ্বৰ লেখাৰু নামৰ দুজন সমৰ্থকক এজন দুৰ্বৃত্তই কোৰেৰে প্ৰহাৰ কৰি আহত কৰে ৷

    কোনো কাৰণ নোহোৱাকৈ একমাত্ৰ নিৰ্বাচনী হিংসাৰ বাবেই শৰীৰত আঘাত কৰে৷ গুৰুত্বৰভাৱে আঘাত পোৱা দুয়োজন লোকে ইতিমধ্যে নাৰায়ণপুৰ আৰক্ষী থানাত অভিযুক্তৰ বিৰুদ্ধে ওচৰত গোচৰ তৰিছে ৷

    সম্প্ৰতি সমষ্টিটোত ৰাইজৰ দলৰ জনপ্ৰিয়তাত শংকিত হৈ এই আক্ৰমণ কৰিছে বুলি ৰাইজৰ দলৰ প্ৰাৰ্থী অনুপ শইকীয়াই সংবাদমাধ্যমক অৱগত কৰাৰ লগতে ৰাজনীতিৰ নামত এনে গুণ্ডামী সহ্য কৰা নহ’ব বুলিও সকীয়াই দিয়ে ৷

    আৰু পঢ়ক : টোলগেটৰ কৰ্মচাৰীৰ উদ্ভণ্ডালিঃ অতিৰিক্ত টোল বিচাৰি যাত্ৰীবাহী বাছৰ মহিলাক টনা আজোৰা, চালক- হেণ্ডিমেনৰ লগত হতাহতি টোলগেটৰ কৰ্মচাৰীৰ

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published