27 C
Guwahati
Monday, June 14, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    অসম জাতীয় পৰিষদৰ লোকক কঢ়িওৱা বাবেই দুৰ্বৃত্তই আক্ৰমণ কৰিলে বাহনৰ চালকক

    অসম জাতীয় পৰিষদৰ লোকক কঢ়িওৱা বাবেই দুৰ্বৃত্তই আক্ৰমণ কৰিলে বাহনৰ চালকক। বিহপুৰীয়া সমষ্টিৰ অসম জাতীয় পৰিষদৰ সমৰ্থকক কঢ়িই নিছিল বাহনৰ চালকজনে৷

    অজাপৰ বিহপুৰীয়া সমষ্টিৰ প্ৰাৰ্থী অচ্যুত শইকীয়াৰ এক নিৰ্বাচনী প্ৰচাৰ সভালৈ সমৰ্থক গৈ থকা অৱস্থাতে নাৰায়ণপুৰৰ পানবাৰীত এই আক্ৰমণৰ ঘটনা সংঘটিত হয় ৷

    বাহনখনত এজেপি পতাকা দেখিয়েই চালকক জেওৰা খুটিৰে প্ৰহাৰ কৰে শৰৎ মিলি নামৰ লোকজনে৷ বাহনখন কোনো কাৰণবশতঃ উক্ত স্থানত ৰৈছিল ৷ ইয়াত গাড়ী নাৰখিবি বুলি কৈ চালকক প্ৰহাৰ কৰে ৷

    হাতত আঘাত পোৱা চালক অৰূপ বৰুৱাই অভিযুক্তৰ বিৰুদ্ধে আৰক্ষীৰ ওচৰত গোচৰ তৰিছে ৷ অভিযুক্ত শৰৎ মিলি বিজেপিৰ কৰ্মকৰ্তা বুলি উল্লেখ কৰি এজেপিৰ বৰ্ধিত জনপ্ৰিয়তাত শংকিত হৈ এই আক্ৰমণ কৰে অভিহিত কৰিছে এজেপিৰ প্ৰাৰ্থী অচ্যুত শইকীয়াই ৷

    আৰু পঢ়ক :  ফটো তুলিবলৈ বাধা আৰোপ কৰাৰ বাবে কইনাৰ খুড়াকক হানি-খুচি হত্যা!

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং