দেশৰ অন্য প্ৰান্তৰ পাছত এইবাৰ অসমতো ভাঙি পেলালে মন্দিৰ, জ্বলাই দিলে মূৰ্তি

0
199
দেশৰ অন্য প্ৰান্তৰ পাছত এইবাৰ অসমতো ভাঙি পেলালে মন্দিৰ, জ্বলাই দিলে মূৰ্তি

দেশৰ অন্য প্ৰান্তৰ পাছত এইবাৰ অসমতো ভাঙি পেলালে মন্দিৰ, জ্বলাই দিলে মূৰ্তি। এইবাৰ অসমৰ পঞ্চতীৰ্থ হাজোত এই ঘটনা সংঘটিত হৈছে।

হাজোৰ পতনিত থকা হনুমান মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমণ। দুৰ্বৃত্তই ভাঙি পেলালে মন্দিৰৰ হনুমান মূৰ্তি।

লগতে দুৰ্বৃত্তই জ্বলাই দিলে মন্দিৰৰ হনুমানৰ প্ৰতিমূৰ্তিটো। কোনো লোকে নিশাৰ ভাগত সংঘটিত কৰে এই ঘটনা।

আজি ২৩ এপ্ৰিলৰ পুৱাহে ৰাইজে প্ৰত্যক্ষ কৰে এই ঘটনা। হনুমান মন্দিৰত দুৰ্বৃত্তৰ আক্ৰমনৰ ঘটনাৰ পাছতে উত্তেজনা হাজোত।

দেশৰ অন্য প্ৰান্তৰ পাছত এইবাৰ অসমতো ভাঙি পেলালে মন্দিৰ, জ্বলাই দিলে মূৰ্তি

হাজো আৰক্ষী থানাৰ পৰা মাত্ৰ ২০০ মিটাৰ নিলগত এই ঘটনা সংঘটিত হৈছে। কিন্তু নিশাৰ ভাগত হোৱাই কোনো কতো একো গমকে নাপাই ঘটনা সন্দৰ্ভে।

আৰক্ষীয়ে বৰ্তমানে ঘটনাৰ কোনো সম্ভেদ পাই নেকি তাৰেই তদন্তত নামি পৰিছে।

Input and Photo – Mridul Pritom Deka

আৰু পঢ়ক : ইউৰিক এচিডত দৈ কিমান সুৰক্ষিত