25.2 C
Guwahati
Sunday, June 13, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    দুগৰাকী আমছু নেতাৰ ওপৰত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

    দুগৰাকী আমছু নেতাৰ ওপৰত আক্ৰমণ অচিনাক্ত দুৰ্বৃত্তৰ

    নিশা বঙাইগাঁৱৰ অভয়াপুৰীত দুজন আমছু নেতাক কোনো অচিনাক্ত দুৰ্বৃত্তই আক্ৰমণ কৰা ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    এই ঘটনাটো সংঘটিত হৈছে অভয়াপুৰীৰ বড়ীগাঁৱত।

    জানিব পৰা মতে, বড়ীগাঁৱৰ নিজ গৃহৰ সন্মুখত চোকা অস্ত্ৰৰ আক্ৰমণৰ সন্মুখীন হয় নেতা দুগৰাকী।

    এই আক্ৰমণত আহত হৈছে আমছুৰ কেন্দ্ৰীয় সম্পাদক জাহাংগীৰ আলম আৰু বঙাইগাঁও জিলা আমছুৰ সহকাৰী সম্পাদক বুলবুল হুছেইন।

    উল্লেখ্য যে জাহাংগীৰ আৰু বুলবুল দুই ভাই-ককাই।

    আক্ৰমণত আহত হোৱা দুয়োজনকে পিছত ততাতয়াকৈ অভয়াপুৰী চিকিৎসালয়ত ভৰ্তি কৰো হয়।

    ঘটনা সংক্ৰান্তত ইতিমধ্যে দুজন লোকক আটক কৰা বুলি জানিব পৰা গৈছে। উল্লেখ্য যে ছাত্ৰ নেতা দুজনে এলেকাটোত সংঘটিত হৈ অহা অসামাজিক কামৰ বিৰুদ্ধে সৰৱ স্থিতি গ্ৰহণ কৰাৰ বাবেই এই ধৰণৰ আক্ৰমণৰ সন্মুখীন হোৱা বুলি ধাৰণা কৰা হৈছে।

    ইনপুট : উত্তম কুমাৰ বৰ্মণ

    আৰু পঢ়ক : স্বামীৰ পৰী ৰক্ষা পাবলৈ ৫ কন্যাসহ ৰে’লৰ আগত জাপ দিলে পত্নীয়ে, ৫ মিটাৰলৈ ছিটিক পৰিল মৃতদেহৰ টুকুৰা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং