31 C
Guwahati
Thursday, September 29, 2022
More

    মোবাইলত অশ্লীল ভিডিঅ’, মুখত ৰাম নাম’- যি মিৰ্চি বাবাৰ ভৰিত পৰি ৰৈছিল বহু নেতা আজি সেই বাবা জেলৰ ভিতৰত

    মোবাইলত অশ্লীল ভিডিঅ’, মুখত ৰাম নাম’- যি মিৰ্চি বাবাৰ ভৰিত পৰি ৰৈছিল বহু নেতা আজি সেই বাবা জেলৰ ভিতৰত

    মহিলাক ধৰ্ষণৰ অভিযোগত বৰ্তমানে কাৰাগাৰৰ অন্ধকাৰ কোঠৰিত বাস কৰা মিৰ্চি বাবা এটা সময়ত ইমানেই জনপ্ৰিয় আছিল যে, বাবাৰ আশে পাশে ঘুৰি ফুৰিছিল বহু নামি দামী লোকৰ লগতে নেতা আদিয়ো।

    বাবাক দেখিলেই মূৰ দো খাই পৰিছিল বহু লোকৰ । ভৰিত ধৰি সেৱা আগবঢ়াইছিল আগে পাছত হে কথাৰ আৰম্ভণি। পাছে সেই বাবাৰ আজি সকলো কুকৰ্ম সকলোৰে সমুখত। সকলোৱে থু থু কৰিছে বাবাৰ কুকৰ্ম জানি।

    অন্যৰ দুখ দূৰ কৰা বুলি দাবী কৰা, সকলো সমস্যাৰ সমাধান কৰিব বুলি দাবী কৰা বাবা আজি নিজেই অন্ধকাৰ কোঠৰিত। বিশ্বাস আৰু আস্থাৰ নামত ভক্তৰ চকুত জলকিয়া (মিৰ্চি) দিয়া বুলি নাম এতিয়া মিৰ্চি বাবাৰ।

    পাছে ন্যায়ালয়ে সকলো সাক্ষ্য-প্ৰমাণ চাই মেলি বাবাক জেললৈ প্ৰেৰণ কৰে। কিন্তু কাৰাগাৰলৈ প্ৰেৰণ কৰাৰ পাছৰে পৰা বাবাৰ দুখ। কান্দি কান্দিয়ে কাৰাগাৰৰ প্ৰথম নিশা পাৰ কৰিলে বাবাই।

    কাৰাগাৰৰ অন্য কয়েদী সকলক কৈ থাকিল নিজৰ ওপৰত হেনো মিছা অপবাদ দিয়া হৈছে। ধৰ্ষণৰ অভিযোগ অনা মহিলাক চিনিয়ে নাপাই বাবাই। পাছে বাবৰ দুখ কোনে বুজিব, সকলো প্ৰমাণ বাবৰ বিৰোধত।

    আৰক্ষীৰ ওলোটাই সন্দেহ এগৰাকী নহয়, বহু কেইগৰাকী মহিলাক বাবাই ধৰ্ষণ কৰিছে। ভয় ভাবুকিৰে সকলোৰে মুখ বন্ধ কৰি থৈছে বাবাই।

    কিয়নো আৰক্ষীয়ে তদন্তত জানিব পৰা মতে, বাবাৰ তাত বহু নেতা তথা বহু নামি দামী লোক অহাৰ লগতে অকলশৰীয়া মহিলাও আহিছিল নিজৰ নিজৰ সমস্যা লৈ। পাছে চাঞ্চল্যৰ কথা যে, বাবাৰ ওচৰলৈ কোনো মহিলা বা যুৱতী অকলশৰীয়াকৈ আহিলেই বাবাৰ কোঠাত প্ৰৱেশ কৰিলেই দৰ্জা বন্ধ কৰি দিয়া হয়। যি অন্য পুৰুষ ভক্তৰ ক্ষেত্ৰত কৰা নহয়।

    তাতোকৈয়ো চাঞ্চল্যৰ কথা যে, বাবাৰ অট্টালিকা সদৃশ আশ্ৰমত চাৰিওফালে প্ৰতিটো কোনত, প্ৰতিটো কৰিডৰত, প্ৰতিখন বাৰান্দা আদি সকলোতে চিচি টিভ কেমেৰা লগোৱা আছে, কিন্ত যিটো কোঠাত বাবাই মহিলাসকলক অকলে লগ কৰে সেই কোঠাত নাই কোনো চিচি টিভি কেমেৰা।

    আনহাতে বাবা আটক হোৱাৰ পাছত বাবাৰ মোবাইল জব্দ কৰিছিল আৰক্ষীয়ে। যি বাবাই সকলো সময়তে ভগবানৰ নাম লৈ থাকে সেই বাবাৰ মোবাইলত পোৱা গৈছে বহু কেইটা অশ্লীল ভিডিঅ ।

    সেয়ে আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে, সকলো তদন্তৰ অন্তত হে জানিব পৰা যাব মিৰ্চিৰ বাবাৰ কুকৰ্মৰ তালিকা কিমান দীঘল।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং