19 C
Guwahati
Wednesday, December 1, 2021
More

    মধ্যপ্ৰদেশত দুৰ্ঘটনাগ্ৰস্ত ভাৰতীয় বায়ু সেনা বাহিনীৰ মিৰাজ-২০০০ যুঁজাৰু বিমান

    ভাৰতীয় বায়ু সেনা বাহিনীৰ প্ৰশিক্ষণৰ বাবে ব্যাৱহাৰ হোৱা মিৰাজ-২০০০ যুঁজাৰু বিমান এখন আজি দুৰ্ঘটনাগ্ৰস্ত হয়।

    মধ্যপ্ৰদেশৰ ভিন্দ জিলাত নিয়মীয়া অনুশীলনৰ সময়তে দুৰ্ঘটনাগ্ৰস্ত হয় ভাৰতীয় বায়ু সেনা বাহিনীৰ মিৰাজ-২০০০ যুঁজাৰু বিমানখন।

    যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হ’লেও যুঁজাৰু বিমানখনৰ ভিতৰত থকা পাইলটজনে দুৰ্ঘটনাত মৃত্যু হোৱাৰ পৰা ৰক্ষা পৰে।

    এই দুৰ্ঘটনাটোৰ পাছতে ঘটনাস্থলীত বায়ু সেনা বাহিনীৰ এটা দল উপস্থিত হৈ পাইলটজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে হস্পিটেলত ভৰ্তি কৰোৱাৰ লগতে ঘটনাৰ প্ৰাথমিক তদন্ত আৰম্ভ কৰে।

    ভাৰতীয় বায়ু সেনা বাহিনীয়ে উল্লেখ কৰা অনুসৰি কাৰিকৰী বিজুতিৰ বাবেই মিৰাজ-২০০০ যুঁজাৰু বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়।

    আৰু পঢ়ক : মাত্ৰ ১৫ মিনিট সময়, কাৰাৰুদ্ধ পুত্ৰক লগ পাবলৈ জেললৈ আহিল শ্বাহৰুখ খান

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং