ভাৰোত্তোলনত সোণৰ পদকৰ দিশে শক্তিশালী মীৰাবাঈ চানু

0
1545

ভাৰোত্তোলনত সোণৰ পদকৰ দিশে শক্তিশালী মীৰাবাঈ চানু

ইংলেণ্ডৰ বাৰ্মিংহামত কমনৱেলথ গেমছ ২০২২ ৰ আজি দ্বিতীয় দিন।

দ্বিতীয় দিনা ভাৰোত্তোলনত সাংকেত সাৰ্গৰে ভাৰতৰ হৈ ৰূপৰ পদক আৰু গুৰুৰাজা পূজাৰীয়ে ভাৰোত্তোলমতেই ব্ৰঞ্জৰ পদক জয় কৰে।

আনহাতে পদকৰ শক্তিশালী দাবীদাৰ মীৰাবাই চানু বৰ্তমান ৪৯ কিলোগ্ৰাম ওজন শ্ৰেণীৰ শীৰ্ষত আছে।

প্ৰদৰ্শনৰ অন্তিম দুটা ৰাউণ্ড বাকী আছে। চানুৱে স্নেচ শ্ৰেণীত তেওঁৰ প্ৰথম প্ৰচেষ্টাত ৮৪ দ্বিতীয়টোত ৮৮ কিলোগ্ৰাম আৰু তৃতীয় প্ৰচেষ্টাত ৯০ কিলোগ্ৰাম ওজন উঠাই ।