16 C
Guwahati
Friday, December 3, 2021
More

    বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ ছিনিয়ৰ চেম্পিয়নশ্বিপত অংশ নলয় মীৰাবাঈ চানুৱে

    টকিঅ’ অলিম্পিকত ভাৰতৰ হৈ ৰূপৰ পদক অৰ্জন কৰা ভাৰোত্তোলক মীৰাবাঈ চানুৱে আগন্তুক বিশ্ব চেম্পিয়নশ্বিপ আৰু কমনৱেলথ ছিনিয়ৰ চেম্পিয়নশ্বিপত অংশ নোলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

    ভাৰতৰ মুখ্য প্ৰশিক্ষক বিজয় শৰ্মাৰ পৰামৰ্শ অনুসৰি এই প্ৰতিযোগিতা সমূহত অংশ নোলোৱাৰ সিদ্ধান্ত লৈছে চানুৱে।

    এই দুয়োখন প্ৰতিযোগিতা ৭ ডিচেম্বৰৰ পৰা ১৭ ডিচেম্বৰৰ ভিতৰত তাস্কেন্ত আৰু উজবেকিস্তানত অনুষ্ঠিত হ’ব।

    বিজয় শৰ্মাই এই সন্দৰ্ভত কয় যে এই দুয়োখন প্ৰতিযোগিতাত খেলুৱৈসকলক অন্তৰ্ভুক্ত কৰাৰ লক্ষ্য হৈছে অহা বছৰৰ কমনৱেলথ গেমছৰ বাবে যোগ্যতা অৰ্জন কৰা।

    প্ৰথমতে আমি মীৰাৰ নাম পঠিয়াইছিলো, কিন্তু এতিয়া তেওঁৰ প্ৰদৰ্শন ঠিক নহয়। আমি তেওঁৰ স্নেচ্চ শৈলীৰ ওপৰত কাম কৰি আছো। অলিম্পিকত পদক জয়ী হোৱা বাবে তেওঁ ইতিমধ্যেই কমনৱেলথ গেইমছৰ বাবে যোগ্যতা অৰ্জন কৰি থৈছে। এইদৰে কয় শৰ্মাই।

    উল্লেখ্য যে কমনৱেলথ চেম্পিয়নশ্বিপ ২০ ৰ পৰা ২৪ অক্টোবৰৰ ভিতৰত ছিংগাপুৰত অনুষ্ঠিত হোৱাৰ কথা আছিল, কিন্তু পিছত কৰ’ণাৰ বাবে ইয়াক বাতিল কৰা হয়।

    প্ৰতিযোগিতাখন এতিয়া অহা মাহত বিশ্ব চেম্পিয়নশ্বিপৰ সৈতে অনুষ্ঠিত হ’ব। 

    কমনৱেলথ চেম্পিয়নশ্বিপত ভাৰতৰ ২০ গৰাকী খেলুৱৈয়ে অংশ ল’ব জানিব পৰা গৈছে।

    আৰু পঢ়ক : কা-!ব্যৰ্থতাৰ কাৰণ উল্লেখ কৰি লুৰিণে ক’লে পুনৰ গঢ়ি উঠিব আন্দোলন,১১ তাৰিখ হ’ব কলা দিন আৰু…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং