অসম : সন্তান জন্ম দিয়াৰ পিছতে ধৰ্ষণৰ বলি হোৱা কিশোৰীৰ কৰুণ মৃত্যু

0
2
অনুসন্ধানৰ চলেৰে আদিবাসী মহিলা ধৰ্ষণ স্বয়ং আৰক্ষী বিষয়াৰ, চাকৰিৰ পৰা নিলম্বন
প্ৰতিনিধিত্বমূলক চিত্ৰ

এগৰাকী কিশোৰীয়ে সন্তান জন্ম দিয়াৰ পিছতে মৃত্যুক সাৱটি লোৱাৰ দৰে এক কৰুণ ঘটনা সংঘটিত হৈছে বৰপেটাত। মঙলবাৰে পোহৰলৈ আহে এই কথা।

বৰপেটা চিৎকিসা মহাবিদ্যালয় হাস্পতালত কিশোৰীগৰাকীয়ে মৃত্যুবৰণ কৰে।

কিশোৰীগৰাকী ধৰ্ষণৰ বলি হৈ গৰ্ভৱতী হোৱা বুলি অভিযোগ উত্থাপন হৈছে। ১৩ বছৰীয়া ভুক্তভোগী কিশোৰীগৰাকী গোৱালপাৰা জিলাৰ ৰাংছাই আৰক্ষী থানাৰ অন্তৰ্গত ভুছকুলি গাঁৱৰ।

জানিব পৰা মতে, সাত মাহ পূৰ্বে কিশোৰীগৰাকী জঘন্য ধৰ্ষণৰ বলি হৈছিল। আৰু ইয়াৰ পিছত ২২ জানুৱাৰিত গোৱালপাৰা অসামৰিক চিৎকিসালয়ত এটি সন্তান জন্ম দিয়ে। অৱশ্যে জন্মৰ কিছু সময় পিছতেই মৃত্যু হৈছিল শিশুটিৰ।

ইফালে কিশোৰীগৰাকীৰ স্বাস্থ্য গুৰুতৰভাৱে অৱনতি ঘটাত বৰপেটা চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে আৰু তাতেই তেওঁৰ মৃত্যু হয়।

সাত মাহ পূৰ্বে, ৪০ বছৰীয়া যুগ ছাংমা নামৰ এজন লোকে কিশোৰীগৰাকীক ধৰ্ষণ কৰা বুলি পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে।

ইয়াৰ উপৰি ধৰ্ষণকাণ্ড সংঘটিত কৰি লোকজনে বিভিন্ন ভয় ভাবুকিৰে বিষয়টো গাপ দি ৰাখিছিল।

কিন্তু এতিয়া কিশোৰীগৰাকীৰ মৃত্যুৰ পিছত পৰিয়ালটোৰ ওচৰ চুবুৰীয়াই ঘটনাটো সহজভাৱে ল’ব পৰা নাই আৰু পৰিয়ালটোৱে ন্যায় লাভ কৰাৰ দাবী জনাইছে।

ওচৰ চুবুৰীয়াৰ সমৰ্থনৰ পিছতে ভুক্তভোগী পৰিয়ালটোৱে যুগ ছাংমাৰ বিৰুদ্ধে ৰাংছাই আৰক্ষী থানাত অভিযোগ দাখিল কৰে। অৱশ্যে আৰক্ষীয়ে এতিয়ালৈকে কোনো লোককে আটক বা গ্ৰেপ্তাৰ কৰা নাই।