26 C
Guwahati
Friday, September 17, 2021
More

    অৱশেষত ১ বছৰ পিছত আৰক্ষীৰ জালত নাবালিকা ধৰ্ষণকাৰী আব্দুছ ছাত্তাৰ

    বৰপেটাৰোড আৰক্ষী থানাৰ অন্তৰ্গত চেংগুলীয়াৰ আলাহী মুঞ্চীৰ পুত্ৰ আব্দুছ ছাত্তাৰ আহমেদে ( ৪৫ বছৰ) যোৱা বছৰ জুলাই মাহত গাওঁখনৰে এজনী নাবালিকাক ধৰ্ষণ কৰিছিল ৷

    ইয়াৰ পিছতেই ঘটনাক লৈ বৰপেটাৰোড আৰক্ষী থানাত ভাৰতীয় দণ্ড বিধি আইনৰ U/S 376 AB IPC R / W sec 4 of POCSO act 2012 ধাৰাত এক গোচৰ ৫১৮/ ২০২০ নম্বৰত ৰুজু কৰা হৈছিল।

    আব্দুছ ছাত্তাৰ আহমেদে এই দুষ্কৰ্ম সংঘটিত কৰি দীৰ্ঘদিন ধৰি মেঘালয় আৰু কেৰেলাত আত্মগোপন কৰি আছিল ৷ অৱশেষত বৰপেটাৰোড থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামীয়ে গোপন সুত্ৰৰ পমখেদি এক অভিযান চলাই শেষত সোমবাৰে পুৱা তেওঁক নিজ গৃহৰ পৰাবৰপেটাৰোড আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয় ৷

    input: Ganesh chandra saha

    আৰু পঢ়ক : ভাৰতক গৌৰাৱান্বিত কৰা মীৰাবাঈয়ে গোটেই জীৱন জুৰি লাভ কৰিব ফ্ৰী পিজ্জা,ড’মিনজৰ ঘোষণা…

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং