26 C
Guwahati
Thursday, September 16, 2021
More

    ”কৃষ্ণ দাক মই ভাল পাইছিলো কিন্তু নবৌ আহি গ’ল, দাদাৰ বাবে মৰিলো” অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা

    ”কৃষ্ণ দাক মই ভাল পাইছিলো কিন্তু নবৌ আহি গ’ল, দাদাৰ বাবে মৰিলো” অষ্টম শ্ৰেণীৰ ছাত্ৰীৰ আত্মহত্যা

    কৃষ্ণ দাৰ কাৰণে মৰিলো” বুলি কৈ আত্মহত্যা কৰিলে এগৰাকী অষ্টম শ্ৰেণীৰ ছাত্ৰীয়ে। লখিমপুৰৰ কাছজুলিৰ শান্তিপুৰ মাজগাওঁত এই চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে ।

    জানিব পৰা মতে খুৰাকৰ ঘৰত চিপ লৈ আত্মহত্যাৰ দৰে চৰম পন্থা বাছি ল’লে ১৫ বছৰীয়া কিশোৰী গৰাকীয়ে। উল্লেখ্য যে, সম্বন্ধীয় ককায়েকৰ সৈতে আছিল কিশোৰী গৰাকীৰ প্ৰেমৰ সম্পৰ্ক।

    কিশোৰী গৰাকীৰ মৃতদেহৰ কাষৰ পৰা উদ্ধাৰ হৈছে এখন চুইছাইড নোট। উদ্ধাৰ হোৱা চুইচাইড নোটত উল্লেখ থকা অনুসৰি কৃষ্ণ নামৰ ককায়েক জনক কিশোৰী গৰাকীয়ে ভাল পাইছিল কিন্তু কৃষ্ণই বিয়া পাতিছিল।

    তাৰ পিছতেই ককায়েক কৃষ্ণ শইকীয়াক লগ কৰিবলৈ যাওতে দুয়োকে ধৰা পেলাইছিল খুড়ীয়েকে । এই কথা গ’ম পোৱা পিছতেই খুড়ীয়েকে সেই কথা সকলোকে জনাই দিব বুলি ভয় খাইছিল কিশোৰী গৰাকীয়ে।

    মুখ লজ্জাৰ ভয়তেই আত্মহত্যা কৰে কিশোৰী গৰাকীয়ে। বিবাহিত কৃষ্ণ শইকীয়া এটি সন্তানৰ পিতৃ। ইতিমধ্যে লালুক আৰক্ষীয়ে আটক কৰিছে অভিযুক্ত কৃষ্ণ শইকীয়াক।

    ইনপুট: হাচিনুৰ আলম

    আৰু পঢ়ক : দেখাত কোনো মডেলতকৈ কম নহয়, ২২ বছৰ বয়সতে UPSC ত সফলতা অৰ্জন পূজাৰ,

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং