মাতৃৰ প্ৰেমিক আৰু বন্ধুৱে মিলি দলবদ্ধ ধৰ্ষণ কিশোৰীক, জন্ম দিলে সন্তান আৰু পিছত…

0
3510
নৱম শ্ৰেণীত অধ্যয়নৰত কিশোৰীত বিদ্যালয়ৰ পৰা উঠাই নি ধৰ্ষণ কৰিলে ২
প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ

 সোমবাৰে চেন্নাইৰ এখন ব্যক্তিগত হস্পাতালত সন্তান জন্ম দিয়ে এগৰাকী ১৭ বছৰীয়া কিশোৰীয়ে। কিন্তু সন্তান জন্মৰ পিছত ওলাই পৰে এক ভয়ংকৰ ঘটনা। উল্লেখ্য যে, কিশোৰী গৰাকী দলবদ্ধ ধৰ্ষণৰ স্বীকাৰ হৈছিল। আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰায় ৪ গৰাকী লোকে ধৰ্ষণ কৰিছিল কিশোৰী গৰাকীক।

ঘটনা সন্দৰ্ভত এজাহাৰ দাখিল হোৱাৰ পিছত আৰক্ষীয়ে কিশোৰী গৰাকীৰ মাতৃ আৰু মাতৃৰ ৫১বছৰীয়া বিবাহিতা প্ৰেমিকক গ্ৰেপ্তাৰ কৰে লগতে আন দুজন লোকৰ সন্ধানত আছে আৰক্ষী।

অভিযুক্ত গৰাকীৰ নাম দুৰাইৰাজ বুলি জানিব পৰা গৈছে, যাৰ পীড়িতাৰ মাতৃৰ লগত কেইবাবছৰৰ পৰা অবৈধ সম্পৰ্ক আছিল।যেতিয়া কিশোৰী গৰাকীৰ মাতৃক প্ৰেমিকে লগ কৰিবলৈ আহিছিল তেতিয়া কিশোৰী গৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলাইছিল দুৰাইৰাজে। কিশোৰী গৰাকীয়ে সন্তান জন্ম দিয়াৰ পিছতহে সকলো কথা পোহৰলৈ আহে।

কিশোৰী গৰাকীয়ে আৰক্ষীক জনোৱা অনুসৰি তেওঁৰ মাতৃৰ চিনাকী কেইবাগৰাকী লোকে তেওঁক ধৰ্ষণ কৰিছিল। তাৰভিতৰত দুৰাইৰাজ, বচীৰ, জামাল আৰু আন লোকো আছে। উল্লেখ্য যে, কিশোৰী গৰাকীৰ মাতৃৰ উপস্থিতিটো ধৰ্ষণকাণ্ড সংঘটিত হৈছিল।

আৰক্ষীয়ে ইতিমধ্যে কিশোৰী গৰাকীৰ মাতৃ আৰু  মাতৃৰ প্ৰেমিকক গ্ৰেপ্তাৰ কৰি ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে।

আৰু পঢ়ক : ১৯৭১ৰ পিছত কিমানজনক বিদেশী ঘোষণা কৰিছে অসমত, বিধানসভাত জনালে মন্ত্ৰীয়ে