28 C
Guwahati
Wednesday, June 16, 2021
  • মুখ্যপৃষ্ঠা
  • ভিডিঅ’
  • টাইমকাষ্ট
More

    পাবজি- ফ্ৰী ফায়াৰ খেলিবলৈ নাপাই কিশোৰে মাতৃৰ দখনাৰে কৰিলে আত্মহত্যা

    পাবজি- ফ্ৰী ফায়াৰ খেলিবলৈ নাপাই কিশোৰে মাতৃৰ দখনাৰে কৰিলে আত্মহত্যা

    পাবজি- ফ্ৰী ফায়াৰ খেলিবলৈ নাপাই কিশোৰে মাতৃৰ দখনাৰে কৰিলে আত্মহত্যা। অধৈৰ্য হৈ শেষত জীৱনেই শেষ কৰি দিয়াৰ সিদ্ধান্ত লয় কিশোৰগৰাকীয়ে।

    এই ঘটনা চিৰাং জিলাৰ ৰুণিখাটাৰ। দশম শ্ৰেণীৰ ১৬ বছৰীয়া ছাত্ৰ জনৰ আজি পুৱা নিজ কোঠাত মাতৃৰ দখনাৰে ডিঙিত ফাচ লগাই উলমি থকা অৱস্থাত মৃতদেহ উদ্ধাৰ হয়।

    ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি, কিছু দিন পূৰ্বে কিশোৰ জনৰ মোবাইলটো হাতৰ পৰা পৰি স্ক্ৰীণ খণ ভাগি যায়। পিতৃয়ে সেইটো ঠিক কৰিবলৈ দিয়ে, যদিও সোনকালেই সান্ধ্য আইন হোৱাত কিছু পলম হৈছে মোবাইলটো ঠিক কৰাত।

    যাৰ বাবেই পাবাজি আৰু ফ্ৰি ফায়াৰ খেলিব নোৱাৰি অতি অধৈৰ্য্য হৈ শেষত যোৱা কালি নিশা এই আত্মহত্যাৰ সিদ্ধান্ত গ্ৰহণ কৰে আৰু আজি পুৱাহে কিশোৰ জনৰ মৃতদেহ উদ্ধাৰ হয়।

    আৰু পঢ়ক : মাইক্ৰ’ফাইনেঞ্চ সন্দৰ্ভত দুই এদিনৰ ভিতৰতে ৰাইজে পাব সুখবৰ : অশোক সিংহাল

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং